Breaking

‘শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক সনাতন ধৰ্ম’…

0 57

শান্তিৰ বাবে কোনোবাই আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰিছে, কোনোবাই ইউক্ৰেইনৰ পৰা প্ৰব্ৰজন কৰিছে আৰু কোনোবাই গাজাৰ পৰাও প্ৰব্ৰজন কৰিছে। কিন্তু ভাৰতৰ ১৪০ কোটি জনসাধাৰণে প্ৰব্ৰজনত বিশ্বাস নকৰে কিন্তু পৰিৱেশ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিব জানে। হাৰিয়ানাৰ ৰোহটকৰ ব’হাৰ মঠত চলি থকা দুদিনীয়া ধৰ্মীয় কাৰ্যসূচীত উপস্থিত হোৱা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী মহন্ত যোগী আদিত্যনাথে আলোচনা কৰিলে বিশ্ব শান্তিৰ বিষয়ে। এই কাৰ্যসূচীত সংঘৰ মুৰব্বী মোহন ভাগৱত আৰু যোগগুৰু বাবা ৰামদেৱো উপস্থিত থাকে। তিনিওজন বক্তাই বিশ্বত সংঘটিত হৈ থকা অস্থিৰতাক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে যদি এনেদৰে পৰিস্থিতি অব্যাহত থাকে তেন্তে বিশ্বই হয়তো শীঘ্ৰে তৃতীয় যুদ্ধৰ সন্মুখীন হ’ব পাৰে। ভাৰত একমাত্ৰ দেশ য’ত শান্তি আছে আৰু আছে বৈদিক সনাতন ধৰ্ম। এই সময়ত যোগী আদিত্যনাথে কয় যে পৃথিৱীৰ কোনো ধৰ্মই যদি শান্তিৰ নিশ্চয়তা দিব পাৰে তেন্তে সেয়া কেৱল বৈদিক সনাতন ধৰ্ম।


অনুষ্ঠানটোত উপস্থিত হোৱা সংঘৰ মুৰব্বী মোহন ভাগৱতে সনাতন ধৰ্মৰ গুৰুত্বৰ বিষয়ে বুজাই দি কয় যে সনাতন ধৰ্ম একমাত্ৰ হিন্দু জাতি। সনাতন শান্তি সম্প্ৰীতিৰ প্ৰতীক, পৃথিৱীখন কেৱল সনাতনৰ ওপৰত চলি থাকে। তেওঁ আহ্বান জনায় যে সমাজত উচ্চ-নীচৰ কোনো স্থান নাই, ভাৰত একত্ৰিত আৰু ইয়াৰ একতাৰ কাৰণ বৈদিক সনাতন ধৰ্ম। সনাতন ধৰ্মক কেনেকৈ ৰক্ষা কৰিব লাগে সন্ত সমাজে ভালদৰে জানে। আনহাতে যোগগুৰু বাবা ৰামদেৱে কয় যে তেওঁ ১৫০ বছৰ জীয়াই থাকিব বিচাৰে আৰু ভাৰতৰ সেৱা কৰিব বিচাৰে কাৰণ তেওঁ প্ৰতিদিনে যোগাসন কৰে। তেওঁ উপস্থিত ৰাইজক যোগাসন গ্ৰহণ কৰি ১৮ ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় যাতে দেশখনে ২০৩৫ চনত মহাশক্তি হিচাপে থিয় দিব পাৰে। তেওঁ কয় যে আজি ৰাছিয়া, ইউক্ৰেইন, ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ হৈছে, সমগ্ৰ বিশ্বতে অস্থিৰতা, সমগ্ৰ বিশ্বই যে তৃতীয় বিশ্বযুদ্ধৰ দিশে আগবাঢ়িছে তাত কোনো সন্দেহ নাই। কিন্তু ভাৰতত বৈদিক ধৰ্মৰ বাবে শান্তি আছে কাৰণ ভাৰতে যোগ দিয়ে যুদ্ধ নহয়।


Leave A Reply