Breaking

চুবুৰীয়া ৰাজ্য অৰুণাচলৰ টিপিৰ চালানেৰে অসমত সৰবৰাহ শিল বালি, অসম চৰকাৰৰ বন বিভাগে হেৰুৱাব লগা হৈছে বছৰি লাখ লাখ টকা ৰাজহ

0 2,066

সমগ্ৰ তিনিচুকীয়া জিলাখনতে বন বিভাগ কাৰ্যত এক অস্তিত্বহীন বিভাগ হিচাপেই পৰিগণিত হৈছেগৈ| জিলাখনৰ বন বিভাগৰ অস্তিত্বহীনতাৰ বাবেই বন দস্যু সকলে দিনে নিশাই অব্যাহত ৰাখিছে বনজ  সম্পদৰ  লুণ্ঠনৰাজ | বন বিভাগৰ আইন অনুসৰি বহিঃৰাজ্য পৰা অহা শিল ,বালি ভৰ্তি বাহন সমূহে অসমত প্ৰৱেশ কৰিলে অসম চৰকাৰৰ পৰা কৰ পৰিশোধ কৰি  বৈধ অনুমতি পত্ৰ চালান আদি ল’ব লাগে| কিন্তু শিল ,বালি ব্যৱসায়ৰ লগত জড়িত  মাফিয়া চক্ৰই বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী সহযোগত অৰুণাচলৰ টিপি , চালানৰে অসমত সৰবৰাহ কৰি আহিছে শিল , বালিৰ ওপৰিও অন্যন্য বনজ সম্পদ| চুবুৰীয়া প্ৰদেশ অৰুণাচলৰ পৰা মাৰ্ঘেৰিটাৰ হৈ জিলাখনৰ বিভিন্ন প্ৰান্তলৈ শিল, বালি আদি সৰবৰাহ হৈ আহিছে| বনজ সম্পদ কঢ়িয়াই অনা এই বাহনসমূহৰ নাই অসম চৰকাৰৰ পৰা ল’ব লগীয়া কোনো বৈধ নথি পত্ৰ| বনজ সম্পদ ভৰ্তি এই বাহন সমূহৰ চালকসমূহে প্ৰদৰ্শন কৰা টিপি ,চালান আদি লক্ষ্য কৰিলেই এই কথা স্পষ্ট হৈ পৰিব| চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা জাগুন  লেখাপানী , মাৰ্ঘেৰিটাকে আদি কৰি  আটাইকেইটা বনাঞ্চলিক কাৰ্যলয়ৰ সন্মূখেৰে পাৰ হৈ বাহন সমূহ বিভিন্ন অঞ্চললৈ যায় যদিও বন বিভাগৰ কোনো এখন  তালাচি চকীতে কোনো ধৰণৰ বাধা সন্মূখীন নোৱাকৈ বাহনসমূহ সৰবৰাহ হোৱালৈ চাই বন বিভাগৰ একাংশ লোক জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় দল বহু সংগঠনে| বন বিভাগৰ এনে একাংশ দূৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰী বাবেই অসম চৰকাৰে বছৰি হেৰুৱাব লগা হৈছে লাথ লাখ টকা চৰকাৰী ৰাজহ|অবৈধ ভাৱে বনজ সম্পদ সৰবৰাহ হৈ থকা এনে বাহন সমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে আছু’ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে|

Leave A Reply