বঙাইগাওঁ জিলাৰ বিদ্যাপুৰ অঞ্চলত শুকুৰবাৰে নিশা একাংশ স্থানীয় ৰাইজে তালগুৰি-বাসুগাওঁ গড়কাপ্তানী পথেৰে অবৈধভাৱে বালি সৰবৰাহ কৰা কেইবাখনো বৃহৎ ট্ৰেইলৰ বাহন আৱদ্ধ কৰে । প্ৰাপ্ত তথ্য মতে, দীৰ্ঘদিনৰ পৰা উক্ত পথেৰে দিনে-নিশাই বৃহৎ বৃহৎ ১৬-২২ চকীয়া গধুৰ বাহনত চম্পাৱতী নৈৰ বালিৰ মহলৰ পৰা বিভিন্ন ঠাইলৈ ৰাজহ ফাঁকি দি শিল-বালিৰ অবৈধ সৰবৰাহ কৰি আহিছে । বিভিন্ন পক্ষক মেনেজ কৰি বালিৰ অবৈধ ব্যৱসায়ীয়ে এই কাৰ্য কৰি অহা বুলি ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ । বৃহৎ বৃহৎ বাহনসমূহ অবাধে দিনে-নিশাই চলাচল কৰাৰ ফলত গড়কাপ্তানী পথটোও বহু ঠাইত ভাগি-ছিগি গৈছে । পথটোত অবৈধভাৱে এনে বাহনসমূহ চলাচল কৰাৰ পিছতো আৰক্ষী-বন বিভাগ তথা পৰিবহন বিভাগে কোনো ব্যৱস্থা নোলোৱাত স্থানীয় একাংশ ৰাইজে বাহনসমূহ তেনেদৰে যোৱা নিশা আৱদ্ধ কৰে ।

ৰাইজে বি আৰ ১১৬ বি ৯৫৯১, পি বি ১৩ এ এল ৪৭৮৬, পি বি ১৩ এ এল ৫৯৫৫, পি বি ১৩ এ আৰ ৯৬৫৫, পি বি ১৩ এ আৰ ৮৬৫৫, পি বি ১৩ এ এল ৯৬৫৫, পি বি ১৩ বি বি ৯৭৫৫ আৰু পি বি ১৩ এ এল ৮৭৫৫ ধৰি মুঠ সাতখন বাহন আৱদ্ধ কৰে । বাহনসমূহত চালানত উল্লেখ থকাৰ বিপৰীতে বহু বেছি পৰিমাণৰ বালি সৰবৰাহ কৰা বুলি লোকসকলে অভিযোগ উত্থাপন কৰি বন বিভাগক খবৰ দিয়ে । বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সকলোবোৰ বাহন জব্দ কৰে । বৰ্তমানেও বাহনসমূহৰ ক্ষেত্ৰত বিভাগীয় পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে । দীৰ্ঘদিন ধৰি গড়কাপ্তানী পথটোৰে সদায়ে এনেদৰে বৃহৎ বাহনসমূহ চলাচল কৰি থকা স্বত্তেও আৰক্ষী প্ৰশাসন-বন বিভাগ তথা পৰিবহন বিভাগ কি কাৰণত নীৰৱতা অৱলম্বন কৰি আছিল তাকে লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।

