নলবাৰী শান্তি নিবাস অনাথ আশ্ৰমত স্বেচ্ছাসেৱী সংগঠন সন্ধানৰ প্ৰতিষ্ঠা দিৱস পালন

“সন্ধান” স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মকৰ্তা সকলে প্ৰতিষ্ঠা দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনটো নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত পালন কৰে। সংস্থাটোৰ কৰ্মকৰ্তা সকলে আশ্ৰমৰ ককা আইতা সকলৰ লগত সময় কটায় ধন্য অনুভৱ কৰাৰ লগতে আশ্ৰমখনৰ পৰিচালক মানৱদৰদী মজিবুৰ ৰহমানে দীৰ্ঘদিন ধৰি চলাই অহা মানৱতাবাদী পদক্ষেপক আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সংস্থাটোৱে আশ্ৰম চৌহদত ৰহমান ডাঙৰীয়াৰ হতুৱাই এটি মহানিম গছপুলি ৰোপণ কৰে আৰু সংৰক্ষণৰ ব্যৱস্থা কৰে। মজিবুৰ ৰহমানে সন্ধানৰ মাধ্যমেৰে যুৱ-সমাজক পৰিৱেশৰ প্ৰতি সজাগ সচেতন হোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে মানুহৰ সেৱাত ব্ৰতী হৈ মানৱতাক উদ্ধাৰ কৰাৰ বাবে অনুৰোধ জনায়।

Related Articles