সংগীত সত্ৰ (Sangeet Stuti 2025) গুৱাহাটীৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আজি ২০ডিচেম্বৰৰ সন্ধিয়া ৫:৩০বজাত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সংগীত স্তুতি২০২৫৷ উল্লেখযোগ্য যে সংগীত সত্ৰই বিগত কেইবাবছৰো ধৰি নৃত্য-গীত বাদ্যৰ এই মহোৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিন্ন অঞ্চলত সফলতাৰে অনুষ্ঠিত কৰি আহিছে৷ এইবাৰ গুৱাহাটীৰ শিল্পগ্ৰামত ২০ডিচেম্বৰ শনিবাৰৰ সন্ধিয়া কমিউনিটি কালচাৰেল প্ৰগেমৰ অধীনত সংগীত সত্ৰই আয়োজন কৰা নৃত্য-গীত-বাদ্যৰ ভ্ৰাম্যমাণ এই উৎসৱৰ আৰম্ভণিতে পদ্মভূষণ সন্মান প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী, সংগীত নাটক অকাডেমীৰ টেগৰ সন্মান প্ৰাপ্ত বৰ্ষীয়ান শিল্পী হৰিচৰণ শইকীয়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰা আৰু উত্তৰ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড° প্ৰসন্ন গগৈ উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে সাৰুৱা বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত বিশিষ্ট কথক নৃত্যশিল্পী গুৰু বিপুল দাস সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷
শাস্ত্ৰীয় নৃত্য-বাদ্য-সংগীতৰ শিল্পী সকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে গুৱাহাটীৰ সংগীত সত্ৰই ২০১৭চনৰে পৰা আয়োজন কৰা এই মহোৎসৱ সংগীত স্তুতি ২০২৫ত দিল্লীৰ বিশিষ্ট শিল্পী নয়নিকা ঘোষ চৌধুৰী আমন্ত্ৰিত শিল্পী হিচাপে উপস্থিত থাকি কথক নৃত্য পৰিৱেশন কৰে৷ ভিন্ন ঠাইৰ বহুকেইগৰাকী শিল্পীৰ লগতে গন্ধৰ্ব কলা কেন্দ্ৰ,বসুন্ধৰা কলা নিকেতন আৰু সংগীত সত্ৰৰ শিক্ষাৰ্থীসকলে আমন্ত্ৰণমূলকভাৱে খোলবাদন,ভোৰতাল নৃত্য,সত্ৰীয়া নৃত্য আদিকে ধৰি কেইবাটিও সাংস্কৃতিক কাৰ্যক্ৰম পৰিৱেশন কৰি উপস্থিত দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়৷
সংগীত স্তুতিৰ এই অনুষ্ঠানটি ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সংগীত সত্ৰৰ সভাপতি স্বপ্ননীল বৰুৱা আৰু সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শিল্পী তথা সংগীত সত্ৰৰ সাধাৰণ সম্পাদক , গুৰু ৰঞ্জুমণি শইকীয়া,সংগীত সত্ৰ বিদ্যালয়ৰ অধ্যক্ষ গুৰু ৰিঞ্জুমণি শইকীয়াৰ তত্ত্বাৱধানত সংগীত সত্ৰৰ লগত জড়িত সকলোৰে সহযোগিতাত সফলতাৰে সম্পন্ন হয়৷অনুষ্ঠানত কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ভালেসংখ্যক কলামোদী দৰ্শক উপস্থিত থাকে৷

