সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। শিৱসাগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰত বিশেষ সভা, কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা…

সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয় । শিৱসাগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰত এই প্ৰতিষ্ঠা দিৱসৰ আয়োজন। আজি ২ অক্টোবৰ, গান্ধী জয়ন্তী । জাতিৰ পিতা মহাত্মা গান্ধীক সশ্ৰদ্ধ স্মৰণ কৰি সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। মহামানৱ মহাত্মা গান্ধী আৰু সংগ্ৰামী সেনা, অসম বীৰ শ্বহীদ সকললৈ পুৱাই শ্ৰদ্ধাঞ্জলী জনাই আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ | শ্ৰদ্ধাঞ্জলী জনাই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পৰাগ বড়া, লুইচ হাজৰিকা কাৰ্যকৰী সভাপতি, জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ফাৰহান লস্কৰ আৰু প্ৰাঞ্জল পূজাৰীয়ে।

সংগঠনটোৰ সভাপতি পংকজ খাউণ্ডৰ পৌৰহিত্বত আয়োজিত সভাত স্থানীয় ৰাইজৰ লগতে ভালে কেইটা জাতীয় সংগঠনৰ নেতা উপস্থিত থাকে। জাতীয় সংগঠনৰ নেতা কেইগৰাকীয়ে সভাৰ লগত সংগতি ৰাখি নিজা ভাষণ ৰাখে। আনহাতে সংগ্ৰামী সেনা, অসম পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে বিশিষ্ট কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

Related Articles