লাহোৱালত মটক যুৱ-ছাত্ৰ সন্মিলন, আৰক্ষীৰ উদ্যোগত চেনিটাইজেছন

সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়তো এতিয়া মহামাৰী কৰোনাই ভৱাভৱ ৰূপ লৈছে। স্বাস্থ্য বিভাগ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু পৌৰনিগমৰ প্ৰচেষ্টাত ৰাজ্যৰ চহৰ-নগৰত আৰম্ভ কৰা হৈছে ছেনিটাইজ বা বিজাণু মুক্ত কৰাৰ কাম। ডিকম আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত লাহোৱাল আৰক্ষী, সমাজকৰ্মী অজয় গগৈ সহযোগত আজি ইকৰাতলি খনিকৰ গাঁও, নাহৰচুক গাঁও, লাহোৱাল স্বাস্হ্য কেন্দ্ৰ, ব্লক, বজাৰ আদি স্প্ৰে কৰি চেনিটাইজ কৰে। লাহোৱালৰ বাট পথ বজাৰ বীজাণুমুক্ত কৰাৰ বাবে চলিল এই প্ৰচেষ্টা। যাতে দূৰ হয় কৰ’ণাৰ ভয়াৱহ সংক্ৰমন। বাট-পথ ছেনিটাইজ কৰি সুৰক্ষা প্ৰদান কৰিছে জনতাক। ছেনিটাইজ কৰা হল লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় জনশূন্য ঘাইপথটো। ব্লিচিং পাউদাৰ, কলা ফেনাইল আৰু ডেটল মিহলাই স্প্ৰে কৰা হৈছে। সঁচাকৈ ডিকম আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলন আৰু আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপক লাহোৱাল তথা ইকৰাতলি খনিকৰবাসী ৰাইজে শলাগিছে।

Related Articles