Breaking

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সঞ্জয় জাজুৱে…

0 25

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিলে সঞ্জয় জাজুৱে। তেওঁ তেলেংগানা কেডাৰৰ ১৯৯২ বৰ্ষৰ এগৰাকী আইএএছ বিষয়া। জাজুক মন্ত্ৰালয়ৰ বিদায়ী সচিব অপূৰ্ব চন্দ্ৰৰ লগতে অন্যান্য বিষয়া আৰু অন্যান্যসকলে আদৰণি জনায়। অপূৰ্ব চন্দ্ৰক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ পূৰ্বে, জাজু ২০১৮ চনৰ পৰা ২০২৩ চনলৈ ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব আৰু ২০১৪ চনৰ অক্টোবৰৰ পৰা ২০১৮ চনৰ মাৰ্চলৈকে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

তেওঁ ২০১১ চনৰ মে’ৰ পৰা ২০১৪ ৰ অক্টোবৰলৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সচিব (ইলেক্ট্ৰনিকছ, তথ্য প্ৰযুক্তি আৰু যোগাযোগ বিভাগ) ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave A Reply