sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত

দুলীয়াজানৰ এটা পেট্ৰ’ল ডিপো৷ ৰাজ্যৰ আন দহটা(sankarjyoti baruah)পেট্ৰ’ল ডিপোৰ দৰেই দুলীয়াজানৰ সেই পেট্ৰ’ল ডিপোটোৱেই গ্ৰাহকক তেলৰ যোগান ধৰি আহিছিল৷ কিন্তু দুলীয়াজানৰ এই পেট্ৰ’ল ডিপোটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ এই পেট্ৰ’ল ডিপোটোত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ ঘটনাটো ইমানতে অন্ত পৰিলে হয়তো বিষয়টোও তল পৰিলহেঁতেন৷ কিন্তু শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ উজনি অসমতে এতিয়া এক নব্য জাতীয়তাবাদী ঢৌৱে গা কৰি উঠিছে৷ ইয়াৰ ফলতে আজি দুলীয়াজান বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়৷ দুলীয়াজানৰ তেল ডিপোটোত প্ৰথমাৱস্থাত যি কাজিয়াৰ সূত্ৰপাত ঘটিছিল, সেই কাজিৰ সৈতে নিঃসন্দেহে অসমীয়া জাতীয়তাবাদৰ কোনো সম্পৰ্ক নাই৷ কিন্তু ৰাজনৈতিক কাৰণতেই হওক বা আন কোনো কাৰণতেই হওক সেই ঘটনাৰ সৈতে এতিয়া অসমীয়া জাতীয়তাবাদ জড়িত হৈ পৰা পৰিলক্ষিত হৈছে৷ দুলীয়াজানৰ স্থানীয় একাংশ লোকে প্ৰকাশ কৰা তথ্য অনুসৰি তেল ডিপোটোত সংঘটিত কাজিয়াৰ ঘটনাটো সম্পূৰ্ণৰূপে দুগৰাকী অনা-অসমীয়া ব্যৱসায়ীৰ মাজত হোৱা কাজিয়া আছিল আৰু সেই কাজিয়া সম্পূৰ্ণ পাৰিবাৰিক বিবাদৰ ফলশ্ৰুতি আছিল বুলি বহুতে মন্তব্য কৰিছে৷(BN Singh petrol pump)

সেইদিনা আৰ কে সিঙৰ পুত্ৰ ৰিতেশ সিঙৰ পত্নী মুস্কান আৰু কিৰণ সিঙৰ কন্যা তনু শ্বাহীৰ মাজত তেল ডিপোটো লীজত লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল৷ বহুতে অভিযোগ কৰা অনুসৰি ৰিতেশ সিঙৰ ফৈদটোৱে তেল ডিপোটোৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ মাৰপিটৰ ঘটনাত জড়িত হৈ পৰিছিল৷ সেই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ এই কথাৰ পৰা স্পষ্ট হৈ পৰে যে সেই ঘটনাৰ সৈতে অসমীয়া জাতীয়তাবাদীৰ কোনো সম্পৰ্ক নাছিল৷ কিন্তু ঘটনাৰ এজাহাৰত কিদৰে শংকৰজ্যোতি বৰুৱাৰ নাম সোমাল সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে৷ এই কথা বহুতে প্ৰকাশ কৰিছে যে তনু শ্বাহীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ কৰিছে৷ কিন্তু সেইগৰাকী তনু শ্বাহীয়েই পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱা সেই স্থানলৈ অহাৰ বাবে তেওঁ সাহস পোৱা বুলিও বিপৰীতমুখী মন্তব্য কৰিছে৷ এনে কথাৰ পৰা বহুতে অনুমান কৰিছে যে এই ঘটনাৰ সৈতে শংকৰজ্যোতি বৰুৱাক সাঙুৰি লোৱাৰ আঁৰত নিঃসন্দেহে কোনো বিশেষ শক্তিৰ হাত আছে৷ (Duliajan)

দৈনন্দিন বাৰ্তাৰ কাকতত প্ৰকাশিত প্ৰতিবেদনত আমি এই কথা কৈছিলো যে দুলীয়াজানত এতিয়া শংকৰজ্যোতি বৰুৱাৰ উত্থানত বহু লোক শংকিত হৈ পৰিছে৷ বিশেষকৈ ৰাজনৈতিক কাৰণতে তেনেদৰে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সেই বিশেষ চক্ৰটো তৎপৰ হৈ পৰা বুলি বহুতে চৰ্চা কৰিছে৷ এনে সময়তে তেল ডিপোৰ এটা সাধাৰণ ঘটনাক লৈ উজনি অসমত শেহতীয়াকৈ যি জাতীয়তাবাদী ঢৌ প্ৰৱাহিত হৈছে সেয়া নিঃসন্দেহে এক লক্ষণীয় বিষয়৷ আজি দুলীয়াজান বন্ধৰ সময়ত প্ৰতিবাদ কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ ঘটনাক্ৰমক এক নতুন ৰূপ প্ৰদান কৰিছে৷ ইপিনে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে সাধাৰণ চোৰ, ডকাইত অথবা সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰি হেণ্ডকাফ লগোৱাৰ কথাটোৱে বহু অসমীয়াৰ মনত আঘাত দিছে৷ ইয়াৰ পৰিণতিতে সমগ্ৰ উজনি অসমতে অসমীয়া জাতি প্ৰেমে নতুন ৰূপত মূৰ দাঙি উঠিছে৷ লক্ষণীয় কথাটো হ’ল শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ পিছতে বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ খুলি দিবলৈ ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিছিল৷

মন্ত্ৰী পীয়ূষ হাজৰিকাইও দুলীয়াজানৰ ঘটনাটোত উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ গৌৰৱ গগৈয়েও এই বিষয়টোত কঠোৰভাৱে মাত মতা পৰিলক্ষিত হৈছে৷ একেদৰে ৰাইজৰ দলৰ নেতা অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰাক্তন আলফা নেতা অনুপ চেতীয়া, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে ধৰি বহুতে শংকৰজ্যোতি বৰুৱাৰ প্ৰতি আৰক্ষীয়ে কৰা আচৰণক গৰিহণা দিছে৷ কিন্তু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই মুখত পিঠা ভৰাই থকাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে৷ সৌ সিদিনালৈকে শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল৷ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগোৱাৰ পিছতো আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক সমীৰণ ফুকন, সভাপতি উৎপল শৰ্মা আদি নেতাসকলে নিৰাপদ দূৰত্বত অৱস্থান কৰি সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে৷ এই কথাই এতিয়া হিন্দী লবীৰ সৈতে আছুৰ এইসকল নেতাৰ কোনো গোপন সম্পৰ্ক থাকিব পাৰে বহুতে সন্দেহ ব্যক্ত পৰিলক্ষিত হৈছে৷ একাংশ নাম প্ৰকাশক অনিচ্চুক প্ৰকাশ কৰা অনুসৰি দুলীয়াজানৰ হিন্দী লবীটোৰ পৰা একাংশ ছাত্ৰ নেতাই বিভিন্ন ধৰণে লাভাৱাম্বিত হৈ থকা বাবেই শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ঘটা ঘটনাত সম্পূৰ্ণ চকু মুদা কুলিৰ ভাওঁ জুৰি আছে৷ তপন গগৈৰ দৰে নেতাইও বিষয়টোত টু শব্দ এটা নকৰাৰ কথাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি এইসকল ছাত্ৰ নেতাই তেওঁলোকৰ পূৰ্বৰ সতীৰ্থক কৰা অপমানৰ সময়ত এষাৰো মাত নিদিয়াৰ পৰাই এই কথা বুজিব পাৰি যে সাধাৰণ অসমবাসীৰ বাবে তেওঁলোকে কি কৰিব৷

আন একাংশ লোকে এইবুলিও কৈছে যে যিটো সময়ত অসমীয়া জাতি প্ৰেমত আঘাত লগাৰ দৰে ঘটনা এটা সংঘটিত হোৱাৰ পিছত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ দৰে ব্যক্তিয়ে জাতিৰ স্বাৰ্থতে সমগ্ৰ ঘটনাটোক গৰিহণা দিছে সেই সময়তো পিছতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে৷ অথচ তেওঁ দুলীয়াজানৰ ঘটনাৰ পিছত ডিব্ৰুগড় ভ্ৰমণ কৰি গৈছে৷ অসমীয়া জাতিৰ হকে মাত মতাৰ বাবেই এটা সময়ত সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ সন্মানেৰে বিভূষিত কৰা হৈছিল৷ কিন্তু সেই জাতীয় নায়কেই আজি কিয় তেওঁৰেই সহোদৰ স্বৰূপ তথা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক এগৰাকীৰ ক্ষেত্ৰত হোৱা অপমানজনক ঘটনাত মৌনতা অৱলম্বন কৰিছে, সেয়া ৰহস্যৰ বিষয় বুলি বহুতে মুকলিকৈয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ একেদৰে জাতি প্ৰেমত উথলি উঠা উজনি অসমৰ জনতাৰ বাবে ঋতুপৰ্ণ বৰুৱাৰ দৰে নেতায়ো এষাৰো মাত নমতাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে৷ দীপাংক নাথৰ দৰে প্ৰাক্তন আছুৰ সভাপতিয়েও বিষয়টোত মুখত পিঠা ভৰাই আছে৷ আছুৰ শীৰ্ষ নেতৃত্ব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰ দৰে ব্যক্তিসকলে অসমতে অসমীয়াৰ ওপৰত হোৱা অপমানজনক ঘটনাৰ কিয় বিৰোধিতা কৰা নাই সেয়া সময়ত স্পষ্ট হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাত প্ৰকাশিত প্ৰতিবেদনক লৈ বিভিন্নমহলত চৰ্চা হৈ থকাৰ সময়তে আজিৰ এই প্ৰতিবেদনে জাতি প্ৰেম উথলি উঠাৰ পিছতো নিৰাপদ দূৰত্বত অৱস্থান কৰা ব্যক্তিসকলৰ চকু মেল খোৱাব বুলি আশা কৰা হৈছে৷

Related Articles