তৈল নগৰী হিচাপে পৰিচিত ডিব্ৰুগড়(Sankor Jyoti Baruah)জিলাৰ দুলীয়াজানত সংঘটিত হ’ল দিন-দুপৰতে পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনা৷ দুলীয়াজানৰ মাজমজিয়াত থকা এটা পেট্ৰ’ল পাম্পত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে দেওবাৰেও তীব্ৰ উত্তেজনা৷ ঘটনা অনুসৰি শনিবাৰে দুলীয়াজান থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ এই ঘটনাত পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰী তানু চাহি, নৱজিৎ চাহি, ৰাজ সিং আৰু অজয় যাদৱ আহত হয়৷
জানিব পৰা মতে বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনটোৰ স্বত্বাধিকাৰী ৰাজ কিশোৰ সিঙে দীৰ্ঘদিনৰ পৰা লিজত চলাই আছিল৷ অভিযোগ অনুসৰি ৰাজ কিশোৰ সিঙে বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনৰ স্বত্বাধিকাৰক প্ৰাপ্য ধন আদায় দিব নোৱৰাত যোৱা চ্ছ এপ্ৰিলত কিৰণ চাহি নামৰ মহিলাগৰাকীক পুনৰ লিজত দিয়ে৷ কিৰণ চাহি নামৰ মহিলাগৰাকীয়ে নতুনকৈ পেট্ৰ’ল পাম্পটো লিজত লোৱাৰ পিছতে শনিবাৰে ডিপোটোত বৃহৎ এটা যুৱকৰ দল উপস্থিত হৈ প্ৰথমে চিচি টি ভিৰ সংযোগ বিচ্ছিন্ন কৰি নতুনকৈ ডিপোটো লিজত লোৱা কিৰণ চাহিৰ পক্ষৰ সৈতে সংঘাতত লিপ্ত হয়৷ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাত মহিলা কৰ্মী আহত হয়৷ ইফালে এই ঘটনাত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম৷ ঘটনাৰ সময়ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত আছিল৷ পেট্ৰ’ল পাম্পত গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত ৰহস্যজনক পোষ্ট দিছে আছুৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে৷ ইফালে দেওবাৰে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত দুলীয়াজান থানাত এখন এজাহাৰ দাখিল কৰে৷
উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ৮৯য২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল৷ দেওবাৰে বিয়লিলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছিল যদিও দিন-দুপৰতে পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক নিশা গ্ৰেপ্তাৰ কৰা হয়৷ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শংকৰজ্যোতি বৰুৱাক৷ দুলীয়াজান থানাত সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় শংকৰজ্যোতি বৰুৱাক৷ গ্ৰেপ্তাৰৰ অন্তত নিশাই দুলীয়াজান থানাৰ পৰা ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ অহা হৈছে বুলি জানিব পৰা গৈছে৷