লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক লৈ (Sankor Jyoti Baruah) বিৰূপ মন্তব্য কৰিছিল গোলাঘাটৰ মনোজ বৰা নামৰ এজন ব্যক্তিয়ে।
গোলাঘাটৰ কমাৰবন্ধাৰ মনোজ বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল।
সামাজিক মাধ্যমত মনোজ বৰাই কৰিছিল বিৰূপ মন্তব্য।
মনোজ বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জাতীয় যুৱ শক্তিৰ।
লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ পিছতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ৰাজনীতি মোৰ কাম্য নহয়। কিন্তু এই গৰাকী আইৰ হাতেৰে ৰাতি দিন বহুত ভাত খাইছো।আইৰ লগত ধেমালী সহ্য নহয়।’

