Sankor Jyoti Baruah: শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ক্ষোভ বিভিন্নজনৰ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে সোমবাৰে।(Sankor Jyoti Baruah) 

দুলীয়াজান থানাত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়।

দেওবাৰে তেওঁক আৰক্ষীয়ে জেৰাৰ বাবে উঠাই লৈ যায় আৰু পৰৱৰ্তী সময়ত তেওঁক জিম্মাত লৈ যায়।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ২০২৩ৰ তলত উল্লেখ কৰা ধাৰাসমূহৰ অধীনত দুলীয়াজান পি এছ গোচৰ নং ৯০/২০২৫ হিচাপে পঞ্জীয়ন কৰা হৈছে।


১৯৬(১)(ক), ১৯৬(১)(খ), ১৯৭(১)(খ), ১৯৭(১)(গ), ১৯৭(১)(ঘ), ৩(৫), ৩৫২, ৩৫৩(১)(খ), ৩৫৩(১)(গ), আৰু ৩৫৩(২)। অধিক তদন্ত চলি আছে বৰ্তমানো।

দুলীয়াজানৰ এটা পে’ট্ৰল পাম্পৰ এক অবাঞ্ছিত ঘটনাৰ অভিযোগত প্ৰাক্তন আছুনেতা শংকৰজ্যোতি বৰুৱাই দুলীয়াজান থানাত ৰুজু হোৱা ৯০/২৫ নম্বৰ গোচৰত জামিন লাভ কৰিলেও একেখন থানাত ৰুজু হোৱা ৮৯/২৫ নম্বৰৰ গোচৰটোৰ জামিন আবেদন প্ৰক্ৰিয়া সময়ৰ অভাৱত আৰম্ভ কৰিব নোৱাৰাত কাৰাগাৰতে থাকিব লগা হয় শংকজ্যোতি বৰুৱা।

ইফালে শংকৰক অপৰাধী দৰে হেণ্ডকাফ লগোৱা কাৰ্যক গৰিহণা দি সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত জাঙোৰ খাই উঠিছে একাংশ। ডিব্ৰুগড় আৰক্ষীৰ এনে কাৰ্যক গৰিহণা দিছে ।

এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।


আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠনো। কাৰ ষড়যন্ত্ৰৰ বলি হৈ আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাইছিল সেই কথা স্পষ্ট কৰাৰ দাবী তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ।

আনহাতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে শিল্পী ৰিছা ভৰদ্বাজৰো প্ৰতিবাদী পোষ্ট ছ’চিয়েল মিডিয়াত।

Related Articles