Breaking

চাংসাৰিত পথ সজাগতা শোভাযাত্ৰা

0 1,134

চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি আৰক্ষী থানা, চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত শনিবাৰে এটি পথ সজাগতা শোভাযাত্ৰা উলিওৱা হয়। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। শৰাইঘাট মহাবিদ্যালয়ৰ পৰা ধোপাতাৰী বজাৰ হৈ চাংসাৰি হৈ উলিওৱা এই শোভাযাত্ৰাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মণি শৰ্মা আৰু চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ তালুকদাৰ ডাঙৰীয়া শৰাইঘাট কলেজৰ সহযোগী NCC বিষয়া ড০ আমিনুল হক চৌধুৰীয়ে।

Leave A Reply