ক’ভিড পৰিস্থিতিৰ বাৱে যোৱা প্ৰায় দুটা বছৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ ৰাজ্য চৰকাৰে শেষতীয়াকৈ অনলাইন শিক্ষা ব্যৱস্থাৰ প্ৰয়োগ কৰিছিল যদিও গ্ৰামাঞ্চলৰ একাংশ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে মোবাইলৰ অভাৱত অনলাইন শিক্ষা গ্ৰহন পদ্ধতিৰ পৰা বিৰত থাকিব লগা হৈছে ৷ ৰাজ্যত দৈনিক সাপ্তাহিক বজাৰ অনুষ্ঠিত কৰিব পাৰে চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় আদি খুলিব পাৰে শিক্ষানুষ্ঠানসমূহ কিয় চৰকাৰে খুলিব নোৱাৰে এই অভিযোগ তুলি শনিবাৰে চৰাইদেউ শিক্ষা সংস্কৃতি সমাজৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে স্কুল কলেজ খুলি দিয়ক , সামাজিক দুৰত্ব মানি চলিম ,শিক্ষাৰ অধিকাৰ আমাক লাগে ,অনলাইনৰ পৰা মুক্তি লাগে , অনলাইনৰ পৰা আমাক মুক্তি দিয়ক , শ্ৰেণী কোঠালৈ ঘূৰি যাবলৈ দিয়ক , স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই তোলক ,স্কুল কলেজ বন্ধ কৰি অনলাইনত ভিডিও গেমেৰে নতুন প্ৰজন্মৰ জীৱন ধংসৰ চক্ৰান্ত আমি নামনো ,তলা বন্ধ খুলি দিয়ক ,তলা বন্ধই বেমাৰ নকমায় বঢ়াইহে ,বিজুলী বাতি নাই ,ৰিচাৰ্যৰ পইছা নাই ,ম’বাইল ব্যৱহাৰ জ্ঞান অর্জনৰ বাবে নে ভিডিও গেম খেলি ছাত্ৰ ছাত্ৰীক ধ্বংস নকৰিব । কুম্ভমেলা পাতিব পাৰে ,নিৰ্বাচন পাতিব পাৰে , APSC পৰীক্ষা পাতিব পাৰে ,মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা নাপাতিলে কিয় , পৰীক্ষা নাপাতিলে চৰকাৰে , ছাত্ৰ ছাত্ৰীক জীয়া শাস্তি ভোগালে ,এতিয়া ইয়াৰ ফলাফল মূল্যহীন বুলি মুখ্যমন্ত্ৰীয়ে কিয় কব , মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীত উত্তীণ সকলোৰে বাবে শিক্ষানুষ্ঠানৰ আসন লাগিব ,শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় সংকোচন নছলিব,শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক খাদ্য দিয়াৰ ব্যৱস্থা কৰক , স্থায়ী শিক্ষা ব্যৱস্থা ভাঙি পেলোৱা নছলিব , তলা খোলক ,জীৱন জীৱিকা বাহাল ৰাখক ,সকলো ছাত্ৰ ছাত্ৰীক মাতৃ ভাষাত প্ৰাথমিক শিক্ষা দিয়ক ,শিক্ষাৰ শিতানত GDP ৰ ১২% খৰছ কৰক আদি দাবী জনাই সাব্যস্ত প্ৰতিবাদ সাব্যস্ত কৰে ।উক্ত প্ৰতিবাদ স্থলীত চৰাইদেউ জিলা শিক্ষা সংস্কৃতি সমাজৰ উপদেষ্টা কৃষ্ণকান্ত গগৈ , সভানেত্ৰী তৰালী বৰুৱা ,সম্পাদিকা চহাগী তুদুকে ধৰি কেইবাগৰাকীও উপস্থিত থাকে ।

