নলবাৰী জিলাস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত আজি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নলবাৰী জিলাৰ চান্দকুছিস্থিত নলবাৰী পলিটেকনিকেলত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে বৃক্ষৰোপণ কৰে । প্ৰায় ৩০০ গছপুলি নলবাৰী পলিটেকনিকেলৰ প্ৰাংগনত ৰোপন কৰে চি আৰ পি এফ বাহিনীয়ে । লগতে গছপুলি সমূহ সংৰক্ষিত থাকিবলৈ ও ব্যৱস্থা গ্ৰহণ কৰে চি আৰ পি এফ বাহিনীৰ দলটোৱে । ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত আয়োজিত এই বৃক্ষৰোপণ কাৰ্যসূচীত বেটেলিয়নৰ সহ কামানডেন্ট আৰ পি সিঙৰ লগতে চি আৰ পি এফ বাহিনীৰ বিষয়ববীয়া আৰু জোৱান সকলে গছপুলি ৰোপন কৰে ।

