দেৱী সৰস্বতী অপাৰ্থিৱ সম্পদৰ দেৱী। এই বছৰৰ দেৱী সৰস্বতী পূজাৰ সময় জানি লওক।(Saraswati Puja 2025)মাতৃ সৰস্বতী হৈছে শিক্ষা, জ্ঞান, সংগীতৰ দেৱী। এহাতত কিতাপ আৰু আনখন হাতত বীন লৈ বগা পদুমত বহি আছে দেৱী। দেৱীক বীনাপানী বুলি কোৱা হয় কাৰণ তেওঁৰ হাতত বীণা আছে।
ভাৰতৰ হিন্দু সম্প্ৰদায়ৰ লোকসকলে পালন কৰা এক ডাঙৰ উৎসৱ হ’ল সৰস্বতী পূজা। হিন্দু শাস্ত্ৰমতে সৰস্বতী হৈছে ‘জ্ঞান আৰু বিদ্যা’ৰ দেৱী। প্ৰতিবছৰে মাঘ মাহৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়।
সৰস্বতী পূজাৰ দিনা সৰস্বতী দেৱীৰ মূৰ্তি সুন্দৰকৈ সজাই বগা পদুম ফুলৰ আসনত আৰু বগা ৰাজহাঁহৰ বাহনত স্থাপন কৰা হয়। সৰস্বতী দেৱীৰ এখন হাতত বীণা আৰু আনখন হাতত পুস্তক থাকে। দেৱীক বগা কাপোৰ পিন্ধোৱা হয়।
সৰস্বতী পূজা শিক্ষানুষ্ঠানসমূহত অতি উলহ-মালহেৰে আয়োজন কৰা হয়। পূজাৰ প্ৰসাদৰ উপৰিও খিচিৰ, পায়স আদি খোৱাৰো আয়োজন থাকে।
এইবাৰ সৰস্বতী পূজা ১৯ মাঘ, দেওবাৰ আৰু ইংৰাজী ২ ফেব্ৰুৱাৰী, দেওবাৰ। সময় – পুৱা ৯:১৬ বজাত। দ্বিতীয় দিনা ২০ মাঘ, সোমবাৰ। ইংৰাজী – ৩ ফেব্ৰুৱাৰী, সোমবাৰ। সময়ঃ পুৱা ৬:৫৩ বজালৈকে।