Breaking

বৰছলাত বিধ্বস্ত বাট-পথ নিৰ্মাণৰ দাবীত সৰৱ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্য৷

0 518

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অধিকাংশ বাট-পথ যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলে দেখিও নেদেখাৰ দৰে থাকি  নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে৷ফলত সমষ্টিবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে৷বাট-পথৰ দুৰৱস্থাৰ বাবে দুৰ্যোগ ভুগি থকা পিৰাকটাৰ বগৰীবাৰীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্য উপস্থিত হৈ বাট-পথৰ এনে সূচনীয় অৱস্থাৰ বাবে ৰাজ্য চৰকাৰ ,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস তথা বৰছলা বিধানসভা সমষ্টিৰ দুটা কাৰ্যকালৰ বিধায়ক গনেশ কুমাৰ লিম্বুৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷কৃষক শ্ৰমিক  নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বৰ্তমান মিত্ৰজোটৰ চৰকাৰখনৰ কথা আৰু কামৰ মাজত তিলমানো মিল নোহোৱা হৈছে৷বৰ্তমান ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে মাত্ৰ টিভিৰ পৰ্দাত উন্নয়নৰ কামকাজ চলাই আছে৷চৰকাৰে টিভিৰ পৰ্দাত কৰা উন্নয়নে গ্ৰামাঞ্চলৰ প্ৰকৃত দৰিদ্ৰ লোকক স্পৰ্শ কৰিব পৰা নাই৷ আনকি চৰকাৰে গ্ৰহণ কৰা কোনো এটা আচঁনিৰ  সুবিধা গ্ৰামাঞ্চলৰ প্ৰকৃত দৰিদ্ৰ  জনতাই সঠিক ভাবে উপভোগ কৰিব পৰা নাই৷বৰছলা বিধানসভা সমষ্টিৰ পিৰাকটাৰ প্ৰতিটো জৰাজীৰ্ণ বাট-পথৰ লগতে ৰাইজে ভোগী থকা প্ৰতিটো জলন্ত সমস্যাই তাৰেই সত্যতা প্ৰমাণ কৰিছে বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ক্ষোভ প্ৰকাশ কৰে৷লগতে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুৰ নীৰৱ ভূমিকাক কঠোৰ সমালোচনা কৰি কয় যে তিলমানো লাজ অনুভৱ নকৰা বিধায়কগৰাকী সমষ্টিৰ উন্নয়নৰ কাম কাজত বিগত পাঁচবছৰীয়া কাৰ্যকালত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷বিধায়কগৰাকীৰ দায়িত্বহীনতা আৰু অমনোযোগিতাৰ ফল এতিয়া সমষ্টিবাসী জনতাই ভুগিব লগীয়া হৈছে ৷সেয়েহে অতি শীঘ্ৰেই পিৰাকটা গাওঁ পঞ্চায়তৰ পিৰাকটাৰ বগৰীবাৰীৰ পৰা ৰতনজুলিলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথচোৱা অতিশীঘ্ৰে নিৰ্মাণ কৰাৰ লগতে অঞ্চলৰ প্ৰতিটো জৰাজীৰ্ণ বাট-পথ নিৰ্মাণ কৰি চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো চৰকাৰী আচঁনি উক্ত অঞ্চল সমূহত সঠিকভাৱে ৰূপায়ণ কৰিবলৈ  দাবী জনাইছে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই৷অন্যথা আগন্তুক দিনত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু ইয়াৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক শ্ৰমিক  নেতা প্ৰশান্ত বৈশ্যই ৰাজ্য চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক সংবাদ মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ সকিয়াই দিছে৷

Leave A Reply