ন’ৰৱে, ৩ জুন ২০২৫: sarbananda sonowal । গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীৰ বাবে বৰ্তমান ন’ৰৱে ভ্ৰমণত থকা কেন্দ্ৰীয় বানিজ্য আৰু জলপথ পৰিবহন মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অসমত সৃষ্টি হোৱা বান পৰিস্থিতি লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই পৰিপ্ৰেক্ষিতত তেওঁ আজি ন’ৰৱেৰপৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

বাৰ্তালাপকালে সোণোৱালে বানৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিষয়ে খবৰ লৈ মুখ্যমন্ত্ৰীৰ পৰা সামগ্ৰিক পৰিস্থিতিৰ সবিশেষ বুজ লয়। বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সৃষ্ট হোৱা বান আৰু গৰাখহনীয়া পৰিস্থিতি লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰি, ৰাজ্য চৰকাৰে যেন ক্ষিপ্ৰ আৰু ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আহ্বান জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক জাননী দিয়ে যে, ৰাজ্য চৰকাৰে বানৰ প্ৰতিৰোধ, সহায় আৰু উদ্ধাৰ কামত সক্ৰিয়ভাৱে তৎপৰতাৰে কাৰ্যন্বয় কৰিছে। দুৰ্যোগ প্ৰশমন বাহিনী ঘটনাস্থলীত সদায় তৎপৰ হৈ আছে আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মিলিত প্ৰচেষ্টাৰে ৰাইজৰ সহায়ৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

সোণোৱালে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি যি কোনো কেন্দ্ৰীয় সহায়ৰ প্ৰয়োজন হ’লে নিজে আগবাঢ়ি সহায় কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি, তেওঁ ৰাজ্যবাসীক সাহসিকতাৰে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়খিনি পাৰ কৰিবলৈ উৎসাহ দিয়ে।

এই ফোনালাপৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাৰে অসমবাসীৰ কল্যাণৰ বাবে সদায় একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ পায়।