- “উপাচাৰ্য হৈ থাকোঁতে কলিকাতা বিশ্ববিদ্যালয়ত উচ্চশিক্ষাৰ বিষয় হিচাপে অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ বাবে শ্যামাপ্ৰসাদ মুখাৰ্জীক অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰি যাব”: সোণোৱাল ।sarbananda sonowal
- “মুখাৰ্জীদেৱে উপলব্ধি কৰিছিল প্ৰকৃত ৰাষ্ট্ৰীয়তাই বৈচিত্ৰ্যক আঁকোৱালি লয়, প্ৰতিটো অঞ্চলক সন্মান কৰে আৰু প্ৰতিটো ভাষাক উন্নীত কৰে“: সোণোৱাল
- “তেওঁ নেহৰু–লিয়াকত চুক্তিৰ সময়ত হিন্দু বিৰোধী নীতিৰ কাৰণে পদত্যাগ কৰিছিল আৰু ৰাষ্ট্ৰচেতনাৰ পৰিচয় দাঙি ধৰিছিল“: সোণোৱাল
২৩ জুন ২০২৫: ভাৰত মাতাৰ এগৰাকী সাহসী, নিৰ্ভীক আৰু দূৰদৰ্শী পুত্ৰ ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি আজি ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ উদ্যোগত আয়োজিত ‘বলিদান দিৱস’ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে।

ভাৰতৰ একতা, অখণ্ডতা অটুট ৰাখিবলৈ তেখেতে যি মহৎ আদৰ্শ দেখুৱাই থৈ গ’ল, সেয়া সাৰোগত কৰি ৰাষ্ট্ৰীয় চেতনাৰে সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ দৃঢ় সংকল্পবদ্ধ হ’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “আজি আমি ‘বলিদান দিৱস’ৰ অনুষ্ঠানত একত্ৰিত হৈছোঁ। এয়া এক পৱিত্ৰ দিন, এই দিনটোত আমি ভাৰত মাতাৰ এগৰাকী অন্যতম সাহসী, নিৰ্ভীক আৰু দূৰদৰ্শী পুত্ৰ ড° শ্যামাপ্ৰসাদ মুখাৰ্জীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই দিনটো কেৱল স্মৃতিচাৰণৰ দিন নহয়। এয়া এক মিছনৰ বিস্তৃত গাথাক অনুভৱ কৰাৰ দিন। এয়া এনে এজন ব্যক্তিৰ মিছনৰ কথা, যিয়ে একত্ৰিত, সাৰ্বভৌম আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোনৰ বাবে জীৱন বলিদান দিছিল। তেখেতে এনে এখন ভাৰতৰ সপোন দেখিছিল, য’ত কাশ্মীৰৰ পৰা কন্যাকুমাৰী, মাজুলীৰ পৰা মুম্বাইলৈকে প্ৰতিজন নাগৰিকে একে পতাকা, একে সংবিধান আৰু একে দেশপ্ৰেমৰ চেতনাৰে উদ্বুদ্ধ হয়। ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ যাত্ৰা সংসদত নহয়, শিক্ষাৰ পৰিসৰত আৰম্ভ হৈছিল।

মাত্ৰ ৩৩ বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ উপাচাৰ্য হৈছিল। তেখেতে বিশ্বাস কৰিছিল যে শিক্ষা হৈছে ৰাষ্ট্ৰ গঠনৰ সবল ভেটি। কিন্তু তেওঁৰ মন কেৱল বঙালীৰ মাজত সীমাবদ্ধ নাছিল। তেওঁ ভাৰতক এক সাংস্কৃতিক পৰিপূৰ্ণতা হিচাপে দেখিছিল। এই চেতনাৰে তেওঁ অসমীয়া ভাষাৰ বাবে এক ঐতিহাসিক অৱদান আগবঢ়াইছিল। তেওঁৰ দিনতেই কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক এটা উচ্চশিক্ষাৰ বিষয় হিচাপে স্বীকৃতি দিয়া হৈছিল। এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক মনোবল প্ৰদান কৰিছিল আৰু অসম আৰু পশ্চিম বংগৰ বুদ্ধিজীৱী মহলৰ মাজত এক সাংস্কৃতিক সেতু স্থাপন কৰিছিল। এই কাৰ্য কেৱল শৈক্ষিক নাছিল— ই গভীৰভাৱে ৰাষ্ট্ৰীয়তাবাদীও আছিল। তেওঁ স্বীকাৰ কৰিছিল যে প্ৰকৃত ৰাষ্ট্ৰীয়তাই বৈচিত্ৰ্যক আঁকোৱালি লয়, প্ৰতিটো অঞ্চলক সন্মান কৰে আৰু প্ৰতিটো ভাষাক উন্নীত কৰে। এয়া হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনা। ড° মুখাৰ্জীয়ে শিক্ষাৰ জগতত সুখী জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ বিবেকে তেওঁক ৰাজনীতিলৈ লৈ আহিছিল, যেতিয়া ভাৰতৰ ৰাজনৈতিক পথাৰত সাহসী আৰু নৈতিকভাৱে স্পষ্ট মনৰ প্ৰয়োজন হৈছিল। জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁ নেহৰু-লিয়াকত চুক্তিৰ সময়ত হিন্দু বিৰোধী নীতিৰ কাৰণে পদত্যাগ কৰিছিল। তেওঁ কৈছিল—’মই এনে এখন চৰকাৰৰ অংশ হ’ব নোৱাৰোঁ, যিয়ে পূব পাকিস্তানত হিন্দুসকলৰ মৰ্যাদা আৰু নিৰাপত্তাৰ সৈতে আপোচ কৰে।’ যিটো সময়ত বহু বুদ্ধিজীৱীয়ে সুবিধাৰ পথ বাছি লৈছিল, তেওঁ অকলশৰীয়াকৈ ৰাষ্ট্ৰ হিতৰ বাবে, হিন্দুৰ সুৰক্ষাৰ বাবে থিয় হৈছিল।”

সোণোৱালে লগতে কয়, “মুখাৰ্জীদেৱৰ জীৱনলৈ সংগ্ৰাম নামি আহিছিল যেতিয়া তেওঁ জম্মু-কাশ্মীৰক ৩৭০ অনুচ্ছেদৰ অধীনত দিয়া বিশেষ মৰ্যাদাৰ বিৰোধিতা কৰিছিল। আজি আমি কল্পনা কৰিব পাৰোঁনে—আমাৰ নিজৰ দেশত, ভাৰতীয়সকলে জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে অনুমতি লোৱাৰ প্ৰয়োজন হৈছিল? ড° মুখাৰ্জীয়ে গৰ্জন কৰিছিল: ‘এখন দেশত দুটা বিধান, দুজন প্ৰধান আৰু দুখন নিশান অৰ্থাৎ দুখন পতাকা নচলিব।’ এয়া আছিল ভাৰতৰ একতা, অখণ্ডতা অটুট ৰাখিবলৈ তেখেতৰ উদাত্ত আহ্বান। কংগ্ৰেছে তেওঁক বদনাম কৰিবলৈ উঠি-পৰি লাগিছিল। কাৰণ কংগ্ৰেছৰ কাম হৈছে দেশবিৰোধী স্থিতি লৈ দেশৰ উন্নয়ন স্তব্ধ কৰা আৰু দুৰ্নীতিৰে দেশৰ প্ৰগতি পিছুৱাই নিয়া। তদুপৰি কংগ্ৰেছে হিন্দুৰ সুৰক্ষাক লৈ সদায়েই ভেঙুচালি কৰি আহিছে। কিছুমানে মুখাৰ্জীক চৰমপন্থী বুলি নিন্দা কৰিছিল, কিন্তু ইতিহাসে তেওঁৰ শুদ্ধতা এতিয়া প্ৰমাণ কৰিছে। তেওঁৰ সাহসী অৱস্থানে সেই ভাৱধাৰাৰ ভেটি স্থাপন কৰিছিল, যিটো কেইবা দশকৰ পাছত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বাস্তৱায়িত হৈছে। ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ সৈতে তেওঁৰ এখন ঐক্যবদ্ধ আৰু অখণ্ড ভাৰতৰ সপোন পূৰণ হৈছে। ১৯৫৩ চনত, ড° মুখাৰ্জীয়ে জম্মু-কাশ্মীৰত প্ৰৱেশৰ নিষেধাজ্ঞা অমান্য কৰিছিল আৰু আইনী ন্যায্যতা অবিহনে গ্ৰেপ্তাৰ হৈছিল। ৪০ দিনৰ হাজোতৰ পাছত ২৩ জুনত তেওঁ ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুৰ ৰহস্যই আজিও বহু গুৰুতৰ প্ৰশ্নৰ জন্ম দিয়ে। তেখেতৰ মৃত্যুৰ কোনো বিচাৰ, কোনো তদন্ত হোৱা নাছিল। কোনো মৰণোত্তৰ পৰীক্ষাও কৰা হোৱা নাছিল। আজিও যিসকলে নিজকে মানৱাধিকাৰৰ ধ্বজাবাহক বুলি দাবী কৰে, তেওঁলোকে এইবোৰ প্ৰশ্নৰ সন্মুখীন হ’লে কিয় নীৰৱ হৈ পৰে ? ড° মুখাৰ্জীদেৱৰ মৃত্যুৰ ৰহস্য ফাদিল কৰাত কিয় অৱহেলা কৰা হ’ল? তেখেতৰ মৃত্যু কেৱল এজন মানুহৰ মৃত্যু নাছিল। এয়া আছিল ৰাষ্ট্ৰীয়তাবাদী বিবেকৰ, ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ হত্যা তথা নীৰৱকৰণ। কিন্তু সেই ষড়যন্ত্ৰকাৰী, হত্যাকাৰীসকলে তেওঁৰ মিছনক নীৰৱ আৰু স্তব্ধ কৰিব নোৱাৰিলে। তেওঁৰ এখন শক্তিশালী ভাৰত গঢ়াৰ ধাৰণা, চিন্তা-চেতনাৰ মৃত্যু নহ’ল। তেখেতৰ বলিদান অথলে যোৱা নাই। হে নতুন মনৰ যুৱক-যুৱতীসকল, মই আপোনালোকক ক’ব বিচাৰোঁ যে- ইতিহাসক কেতিয়াও পাহৰি নাযাব। ড° মুখাৰ্জীদেৱে ৫২ বছৰ বয়সত অকাল মৃত্যুবৰণ কৰিছিল। তেওঁ ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল। আপোনালোকেও ৰাষ্ট্ৰীয় চেতনাৰে সদায়েই কাম কৰি যাওক, সমৰ্পিত সেৱা আগবঢ়াই যাওক। তেওঁৰ আদৰ্শৰ শিখা প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত প্ৰজ্বলিত হৈ থাকক, তাৰেই কামনা কৰিলোঁ। আজি আমি প্ৰতিজ্ঞা লওঁ আহক: ‘আমি ভাৰতক এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত হিচাপে গঢ়াৰ দিশত সবল ভূমিকা পালন কৰি যাম আৰু ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ বলিদান আৰু ৰাষ্ট্ৰপ্ৰেমৰ চেতনাক হৃদয়ংগম কৰি দেশৰ হকে প্ৰতিপল প্ৰতিবিন্দু সমৰ্পিত সেৱা আগবঢ়াই যাম।”

