- “উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক ২০২৫এ ২০৩০ চনৰ ভিতৰত উপকূলীয় মালবাহী পৰিবহণ ২৩০ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে”: সৰ্বানন্দ সোণোৱাল
- “ৰাষ্ট্ৰীয় উপকূলীয় আৰু অভ্যন্তৰীণ জাহাজ পৰিবহণৰ কৌশলগত পৰিকল্পনাই নতুন আইনৰ অধীনত ভৱিষ্যতৰ শক্তিশালী আন্তঃগাঁথনি আৰু নীতি প্ৰশস্ত কৰিব”: সৰ্বানন্দ সোণোৱাল
- এই বিধেয়কে বিদেশী জাহাজৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে
Sarbananda Sonowal । দেশৰ উপকূলীয় অৰ্থনীতিৰ উন্নতিৰ দিশত এক ঐতিহাসিক মুহূৰ্তৰ সূচনাৰে আজি ৰাজ্যসভাত উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক ২০২৫ গৃহীত হয়। ৰূপায়ণ হ’বলগীয়া নতুন আইনখনে ভাৰতৰ ১১,০৯৮ কিলোমিটাৰ দীঘলীয়া কৌশলগতভাৱে গুৰুত্বপূৰ্ণ উপকূলৰাশিৰ (য’ত নখন উপকূলীয় ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লোৱা হৈছে) অপৰিসীম সুযোগ-সম্ভাৱনা মুকলি কৰাৰ পথ প্ৰশস্ত কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিধেয়কখনৰ অনুমোদনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল।

এই বিধেয়কখনে, যিখন ২০২৫ চনৰ ৩ এপ্ৰিলত লোকসভাত গৃহীত হৈছিল, উপকূলীয় জাহাজ পৰিবহণৰ আইনী পৰিকাঠামোৰ সৰলীকৰণ আৰু আধুনিকীকৰণ কৰাৰ লক্ষ্য ৰাখিছে। ই ১৯৫৮ চনৰ মাৰ্চেণ্ট শ্বিপিং আইনৰ চতুৰ্দশ অংশৰ অৱসান ঘটাই বিশ্বৰ কেবটেজ নীতিৰ সৈতে সংগতি ৰাখি এক নতুন যুগৰ প্ৰগতিশীল আইন প্ৰৱৰ্তন কৰাৰ পথ প্ৰশস্ত কৰিছে।
ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এই আইন ভাৰতৰ ২০৩০ চনৰ ভিতৰত উপকূলীয় মালবাহীৰ অংশ ২৩০ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ আৰু বিকশিত ভাৰতৰ যাত্ৰাত সামুদ্ৰিক খণ্ডৰ অৱদান শক্তিশালী কৰাৰ উচ্চাকাংক্ষাৰ অন্যতম কেন্দ্ৰবিন্দু। এয়া কেৱল আইনী সংস্কাৰে নহয়, বৰঞ্চ অৰ্থনৈতিক বিকাশ, নিয়োগ সৃষ্টি আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ এক কৌশলগত পদক্ষেপ। এই বিধেয়কে নীতি-নিয়মৰ অত্যধিক বোজা হ্ৰাস কৰিব, ভাৰতীয় জাহাজৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ বিকশিত ভাৰতক ত্বৰান্বিত কৰি ভাৰতক বিশ্বৰ সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীক এক নতুন গতি দিব।”

উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক ২০২৫ত ছয়টা অধ্যায় আৰু ৪২টা ধাৰা সামৰি লোৱা হৈছে। ই উপকূলীয় জাহাজ পৰিবহণৰ বাবে এক সৰলীকৃত লাইচেন্স ব্যৱস্থা প্ৰৱৰ্তন কৰিব আৰু উপকূলীয় বাণিজ্যত নিয়োজিত বিদেশী জাহাজৰ নীতি-নিয়মৰ পৰিকাঠামো নিৰ্ধাৰণ কৰিব। ইয়াৰ উপৰিও, এই বিধেয়কে ভৱিষ্যতৰ সামুদ্ৰিক আন্তঃগাঁথনি উন্নয়ন আৰু নীতিৰ দিক্-নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় উপকূলীয় আৰু অভ্যন্তৰীণ জাহাজ পৰিবহণৰ কৌশলগত পৰিকল্পনা প্ৰণয়নত যথেষ্ট সকাহ দিব।
এই আইনে উপকূলীয় জাহাজ পৰিবহণৰ বাবে এক ৰাষ্ট্ৰীয় তথ্যভাণ্ডাৰ সৃষ্টিৰো ব্যৱস্থা কৰিব, যিয়ে প্ৰকৃত আৰু নিয়মীয়াকৈ আপডেট কৰা তথ্য তাৎক্ষণিকভাৱে আহৰণ কৰাত সহায় কৰিব। এই তথ্যভাণ্ডাৰে সম্ভাৱ্য বিনিয়োগকাৰীসকলক চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনা আৰু নীতিৰ প্ৰাথমিকতাৰ বিষয়ে অৱগত কৰি ৰাখিব, যাৰ ফলত সমগ্ৰ ব্যৱস্থাত স্বচ্ছতা আৰু অংশীদাৰৰ আত্মবিশ্বাস বৃদ্ধি পাব।
এই বিধেয়ক কাৰ্যকৰী হোৱাৰ পাছত দেশীয় মালবাহী পৰিবহণত ভাৰতীয় জাহাজৰ অংশগ্ৰহণ বৃদ্ধি কৰি যোগান শৃংখলৰ নিৰাপত্তা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰা হ’ব বুলি আশা কৰা হৈছে। “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ দিশত মিছন ম’ডত কাম কৰি আছোঁ। সেই অদম্য স্পৃহাৰে এই বিধেয়কে বিদেশী জাহাজৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ দ্বাৰা স্থানীয় অৰ্থনৈতিক উন্নয়ন অধিক ত্বৰান্বিত হ’ব, উপকূলীয় অঞ্চলসমূহত নিয়োগৰ সুযোগ সৃষ্টি হ’ব আৰু ভাৰতীয় জাহাজ পৰিচালকসকলৰ বাবে ব্যৱসায়ৰ সুবিধা যথেষ্ট বৃদ্ধি পাব,” সৰ্বানন্দ সোণোৱালে লগতে কয়।
এই যুগান্তকাৰী আইন গৃহীত হোৱাৰ লগে লগে ভাৰতে এখন দক্ষ আৰু বিশ্বমানৰ প্ৰতিযোগিতামূলক উপকূলীয় আৰু অভ্যন্তৰীণ জাহাজ পৰিবহণ ব্যৱস্থা থকা দেশ হিচাপে এখোজ আগুৱাই যাব বুলি সোণোৱালে উল্লেখ কৰে।

