Sarbananda Sonowal । গুৱাহাটীস্থিত দ্য আছাম ট্ৰিবিউনৰ উদ্যোগত আয়োজিত “দ্য আছাম ট্ৰিবিউন ডায়লগ ২০২৫ আৰু আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫” অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দর, জলপথ আৰু আয়ু্ষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য আৰু দ্য আছাম ট্ৰিবিউনৰ পৰিচালন সঞ্চালক ববিতা ৰাজখোৱা।

অনুষ্ঠানত সাংবাদিকতা, সংস্কৃতি, ক্ৰীড়া আৰু উদ্যমিতা ক্ষেত্ৰত অসামান্য অৰ্পণৰ বাবে আৰ জি বৰুৱা মেম’ৰিয়েল এৱাৰ্ড ২০২৫ প্ৰদান কৰা হয়। সাংবাদিকতাৰ ক্ষেত্ৰত ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, সংস্কৃতিৰ ক্ষেত্ৰত জাহ্নু বৰুৱা, ক্ৰীড়াক্ষেত্ৰত প্ৰসিদ্ধ ফুটবলাৰ লাৰসিং চোৱান আৰু উদ্যমিতা ক্ষেত্ৰত নরেন্দ্ৰ নাথ দত্তক বঁটা প্ৰদান কৰা হয়।

বঁটাপ্ৰদান অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে বঁটাপ্ৰাপকসকলক আন্তৰিক অভিনন্দন জনাই সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অসামান্য অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
তেওঁ ভাষণত কয় —
“অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদক্ষেত্ৰত ইতিমধ্যে ৮৬ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সম্পূৰ্ণ কৰা দ্য আছাম ট্ৰিবিউনে গুণগত সংবাদ সেৱাৰে বৰ্ণাঢ্য ইতিহাস ৰচনা কৰিছে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱে আৰম্ভ কৰা এই যাত্ৰা অসমৰ সাংবাদিকতাৰ নব অধ্যায়ৰ সূচনা কৰিছিল। এই গৌৰৱময় যাত্ৰাত অংশ ল’ব পাৰি মই গৰ্বিত।”
সোণোৱালে অধিক কৈ উল্লেখ কৰে —
“গঠনমূলক সমালোচনাই এটা জাতিৰ মেৰুদণ্ড দৃঢ় কৰাত সহায় কৰে। মই প্ৰশংসা ভয় কৰোঁ, সমালোচনা ভাল পাওঁ। দ্য আছাম ট্ৰিবিউন সদায়েই মোকো দায়বদ্ধতাৰ সৈতে জাতীয় জীৱনত নিষ্ঠাৰে কাম কৰিবলৈ গঠনমূলক দৃষ্টিভংগীৰে অনুপ্ৰাণিত কৰি আহিছে। জনগণৰ সচেতন আৰু শক্তিশালী কণ্ঠস্বৰ হিচাপে কাকতখন গণতান্ত্ৰিক প্ৰমূল্যবোধৰ এক জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি আহিছে।”
তেওঁয়ে লগতে কয় যে, “দ্য আছাম ট্ৰিবিউন হৈছে আমাৰ সংবাদ ইতিহাসৰ এক উজ্জ্বল মাইলফলক। কাকতখনৰ সম্পাদকীয়, স্তম্ভ আৰু লেখাসমূহে পঢ়ুৱৈসকলক বৌদ্ধিক জাগৰণ, সামাজিক চেতনা আৰু গণতান্ত্ৰিক মূল্যবোধৰ পথত আগবঢ়াইছে। আমি আশাবাদী, এই বাতৰিকাকতখন আগন্তুক দিনতেও নিৰ্ভীক, বস্তুনিষ্ঠ আৰু গুণগত সাংবাদিকতাৰ দ্বাৰা অসমৰ ভৱিষ্যৎ গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰিব।”

অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে ৰাধাগোবিন্দ বৰুৱাদেৱৰ স্মৃতি উজ্জ্বল কৰি কয়, “তেখেতে সাংবাদিকতাক এক মিছনৰ পৰা এটা শক্তিশালী উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল। সত্যৰ প্ৰতি তেখেতৰ নিষ্ঠা, দায়বদ্ধতা আৰু দূৰদৰ্শিতাই দ্য আছাম ট্ৰিবিউনক আজিৰ এই উচ্চতালৈ লৈ আহিছে।”
ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ সামুদ্ৰিক খণ্ড আৰু জলপথ পৰিৱহণ ক্ষেত্ৰৰ বিকাশত চৰকাৰৰ পদক্ষেপৰ বিষয়ে আলোকপাত কৰি কয় যে, বন্দর নেতৃত্বাধীন বিকাশ নীতিৰ ফলস্বৰূপে ভাৰতীয় জলপথ ব্যৱস্থাই দেশৰ বহনক্ষম উন্নয়নক শক্তিশালীভাৱে আগবঢ়াইছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ সুযোগ-সম্ভাৱনা ত্বৰান্বিত কৰাৰ দিশেও কেন্দ্ৰীয় চৰকাৰ দৃঢ় সংকল্পবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানৰ অন্তত দ্য আছাম ট্ৰিবিউনৰ সম্পাদকমণ্ডলী, বঁটাপ্ৰাপকসকল আৰু উপস্থিত অতিথিসকলে ভাৰতীয় সাংবাদিকতাৰ এই দীঘলীয়া যাত্ৰাত আছাম ট্ৰিবিউনৰ ভূমিকাক কৃতজ্ঞচিত্তে স্মৰণ কৰে।

