প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে দেশৰ ৭৫খন জিলাত মুকলি কৰিলে ৭৫টা ডিজিটেল বেংকিং শাখা ।বঙাইগাঁৱৰ পৰা অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

  • ৭৫খন জিলাৰ ভিতৰত বঙাইগাঁও জিলাতো পঞ্জাৱ নেচনেল বেংকৰ এটা ডিজিটেল বেংকিং শাখা স্থাপন
  • বঙাইগাঁৱৰ পৰা অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • সমগ্ৰদেশবাসীয়েএতিয়াডিজিটেলইণ্ডিয়াৰসামৰ্থ্যআৰুসফলতাৰসাক্ষীহৈছে: প্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদী
  • প্ৰধানমন্ত্ৰীনৰেন্দ্ৰমোদীডাঙৰীয়াৰবলিষ্ঠনেতৃত্বতডিজিটেলইণ্ডিয়াৰদৰেদূৰদৰ্শীপদক্ষেপেদেশৰজনসাধাৰণৰজীৱনৰমানউন্নতআৰুগতিশীলকৰিতুলিছে: সৰ্বানন্দসোণোৱাল

দেশৰ বেংকিং সেৱাক এক নতুন গতিশীলতা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে আনুষ্ঠানিকভাৱে দেশৰ ৭৫ খন জিলাত ৭৫টা ডিজিটেল বেংকিং শাখা মুকলি কৰে। এই ৭৫ খন জিলাৰ ভিতৰত অসমৰ বঙাইগাঁও জিলাতো পঞ্জাৱ নেচনেল বেংকৰ এটা ডিজিটেল বেংকিং শাখা স্থাপন কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানত বঙাইগাঁৱৰপৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ সাংসদ সৰ্বানন্দ সোণোৱালে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত সম্বোধন কৰি কয়, “সমগ্ৰ দেশবাসীয়ে এতিয়া ডিজিটেল ইণ্ডিয়াৰ সামৰ্থ্য আৰু সফলতাৰ সাক্ষী হৈছে। ডিজিটেল বেংকিং শাখাবোৰ হৈছে ভাৰতৰ জনসাধাৰণৰ জীৱন সহজ কৰাৰ বাবে দেশত চলি থকা অভিযানবোৰৰ আন এক বৃহৎ পদক্ষেপ। এইটো এটা বিশেষ বেংকিং প্ৰণালী যিয়ে সীমিত ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে সৰ্বাধিক সেৱা প্ৰদান কৰিবলৈ সক্ষম হ’ব। আমি দূৰৱৰ্তী প্ৰতিটো পৰিয়াললৈ বেংকিং সেৱা ওচৰলৈ লৈ যোৱাত বিশেষ অগ্ৰাধিকাৰ দি আহিছোঁ। এতিয়া ভাৰতৰ ৯৯ শতাংশতকৈও অধিক গাঁৱত ৫ কিলোমিটাৰৰ ভিতৰত বেংক শাখা, বেংকিং আউটলেট বা বেংকৰ সংশ্লিষ্ট কৰ্মী উপলব্ধ হৈছে। আইএমএফেও ভাৰতৰ ডিজিটেল বেংকিং আন্তঃগাঁথনিৰ ভূয়সী প্ৰশংসা কৰিছে। ইয়াৰ অন্যতম কৃতিত্ব দিব লাগিব নতুন প্ৰযুক্তি অৱলম্বন কৰা দেশৰ আৰ্থিকভাৱে পিছপৰা লোকসকলক আৰু কৃষক তথা শ্ৰমিকসকলক, যিসকলে এই নতুন প্ৰযুক্তিক তেওঁলোকৰ জীৱনৰ অংশ কৰি তুলিছে। এতিয়া সমগ্ৰ বিশ্বই ভাৰতে আঁচনি ৰূপায়ণত অৱলম্বন কৰা ডিবিটি পদ্ধতি আৰু ডিজিটেল শক্তিৰ শলাগ লৈছে। দেশৰ বেংকিং ব্যৱস্থা হৈ পৰিছে সুশাসন আৰু উন্নত সেৱা প্ৰদানৰ এক সবল মাধ্যম। ডিজিটেল অৰ্থনীতি আজি আমাৰ অৰ্থনীতিৰ, আমাৰ ষ্টাৰ্টআপ, মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক ডাঙৰ শক্তিৰূপে পৰিগণিত হৈছে।”

আজি বঙাইগাঁৱৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ডিজিটেল ইণ্ডিয়াৰ দৰে দূৰদৰ্শী পদক্ষেপে দেশৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত আৰু গতিশীল কৰি তুলিছে। আজি মোদী ডাঙৰীয়াই ৭৫ খন জিলাত শুভাৰম্ভ কৰা ডিজিটেল বেংকিং সেৱাই জনসাধাৰণক কম সময়তে গুণগত আৰু খৰতকীয়া সেৱা প্ৰদান কৰিব। আজাদী কা অমৃত মহোৎসৱৰ মাজতে এনে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দেশৰ মাননীয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীকো কৃতজ্ঞতা জনাইছোঁ। এই পদক্ষেপৰ অংশ হিচাপে বঙাইগাঁও জিলাত স্থাপন কৰা বেংকিং ডিজিটেল শাখাটোৱে স্থানীয় জনসাধাৰণৰ যথেষ্ট উপকাৰ সাধন কৰিব বুলি আমি আশাবাদী।” লগতে সোণোৱালে কয়, “ডিজিটেল ইণ্ডিয়াৰ যোগেদি এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত আমি আধুনিক বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ সৈতে খোজ মিলাই আগুৱাই যাব লাগিব।”

Related Articles