–নতুন দিল্লীৰপৰা গুৱাহাটীত উপস্থিত হৈয়ে পোনে-পোনে বৰপেটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
-বৰপেটা সত্ৰৰ মধুৰ আধ্যাত্মিক পৰিৱেশৰ মাজত সেৱা এভাগি জনাই ৰাইজৰ মংগল কামনা কৰে সোণোৱালে
–সদ্যপ্ৰয়াত বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মালৈ তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনায় সৰ্বানন্দ সোণোৱালে

শনিবাৰে নতুন দিল্লীৰপৰা গুৱাহাটীত আহি উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পোনে-পোনে বৰপেটা জিলালৈ যাত্ৰা কৰে। তেখেতে বৰপেটাত উপস্থিত হৈয়ে সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ মধুৰ আধ্যাত্মিক পৰিৱেশৰ মাজত সেৱা এভাগি জনাই ৰাইজৰ মংগল কামনা কৰে আৰু ভক্তিপ্ৰাণ ৰাইজৰ সৈতে কিছু সময় অতিবাহিত কৰে।

সত্ৰ প্ৰাঙ্গণত উপস্থিত হৈয়ে সদ্যপ্ৰয়াত বুঢ়া সত্ৰীয়া, সমাজৰ অভিভাৱকস্বৰূপ বশিষ্ঠ দেৱশৰ্মাৰ অনুপস্থিতি তেখেতে বাৰুকৈয়ে অনুভৱ কৰা বুলি উল্লেখ কৰে। ইয়াৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হয় বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত। অসমৰ কলা-সংস্কৃতি আৰু আধ্যাত্মিক জীৱনক উকা কৰি মেলানি মাগা বশিষ্ঠ দেৱশৰ্মাৰ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে।

লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি তেওঁ সমবেদনা জনায়। তেওঁ উল্লেখ কৰে, “বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া সদ্যপ্ৰয়াত বশিষ্ঠ দেৱশৰ্মা বাপে আমাক মৰমিয়াল পিতৃৰ দৰে পথ প্ৰদৰ্শন কৰিছিল।

তেখেতক যেতিয়াই লগ পাইছিলোঁ, বিভিন্ন দিহা-পৰামৰ্শেৰে আমাক মাৰ্গদৰ্শন কৰিছিল। তেখেত আছিল সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক আৰু সমাজ জীৱনৰ বটবৃক্ষস্বৰূপ। তেখেতে আজীৱন সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ লগতে এখন শান্তি-সম্প্ৰীতিপূৰ্ণ সমাজ গঢ়াত মনোনিৱেশ কৰিছিল।

তেখেতৰ বিয়োগ বৰপেটাৰ লগতে অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ বিশাল আধ্যাত্মিক সত্তা, মানৱীয় প্ৰমূল্যবোধ আৰু জীৱনজোৰা কৰ্মৰাজি সদায়েই আমাৰ বাবে প্ৰেৰণাৰ সোঁত হৈ ৰ’ব। সমাজ তথা দেশৰ বাবে সমৰ্পিতভাৱে সেৱা আগবঢ়াই যোৱাৰ ক্ষেত্ৰত তেখেতৰ সান্নিধ্যপূৰ্ণ মুহূৰ্তবোৰে আমাক পথ প্ৰদৰ্শন কৰি যাব।”

