Sarupathar: সৰুপথাৰত ৰিক-খন-ম্যুং-খন ধৰ্মীয় অনুষ্ঠান আৰু টাইপা ধনশিৰি মহকুমা সমিতিৰ বাৰ্ষিক অধিৱেশন

সৰুপথাৰ: Sarupathar টাই আহোম যুৱ পৰিষদ (টাইপা) কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু টাইপা ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান ৰিক-খন-ম্যুং-খন আৰু সংগঠনৰ বাৰ্ষিক অধিৱেশন।
১ জুলাই তাৰিখে ধর্মীয় অনুষ্ঠান ৰিক-খন-ম্যুং-খনৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছত, আজি কাৰ্যসূচীৰ দ্বিতীয় দিনা সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা।

সন্ধিয়া অনুষ্ঠিত হ’ব মুকলি সভা। উক্ত সভাত উপস্থিত থাকিব লোকসভা সাংসদ কামাখ্যা প্ৰসাদ তাচা লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।

ইয়াৰ উপৰিও, নিশা অনুষ্ঠিত হ’ব ধনশিৰি মহকুমা সমিতিৰ প্ৰতিনিধি সভা, য’ত আগন্তুক বৰ্ষৰ বাবে টাইপা ধনশিৰি মহকুমা সমিতিৰ নতুন কাৰ্যনিৰ্বাহ সমিতি গঠন কৰা হ’ব।

Related Articles