Breaking

BEYPORE INTERNATIONAL WATER FESTIVELত জিলিকিল সৰুপথাৰৰ নিশামণি

0 24

ক্ৰিয়া প্ৰতিভাৰে জিলিকিছে সৰুপথাৰ ৷ লাভলীনা , নয়নমনীৰ পিচতেই সৰুপথাৰৰ নাম উজ্বলাবলৈ সক্ষম হৈছে সৰুপথাৰৰ নগাজৰী দ চুক গাঁৱৰ বিপুল বৰা আৰু ৰুণুৰ বৰা জ্যেষ্ঠ কন্যা নিশামনি বৰাই।

নিশামনিয়ে কেৰালা পৰ্যটন বিভাগৰ উদ্যোগত ২০২৩ বৰ্ষৰ ২৬ডিচেম্বৰৰ পৰা ২৯ডিচেম্বৰলৈকে অনুষ্ঠিত Beypore International Water Festivalৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি ৩য় স্থান লাভ কৰি সমগ্ৰ দেশৰ লগতে সৰুপথাৰবাসীক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হৈছে৷

নিশামণিয়ে অসমৰ প্ৰথম গৰাকী চেইলাৰ হিচাবে প্ৰতিনিধিত্ব কৰি Mix category wing surfingত অংশ গ্ৰহণ কৰিছিল। সৰুপথাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ সফলতাত এতিয়া সমগ্ৰ ধনশিৰিবাসী উৎফুল্লিত হৈ পৰিছে।

অসমবাসীৰ বাবে এটা অচিনাকি তথা কঠিন প্ৰতিযোগিতাত সৰুপথাৰৰ নগাজৰী গাৱৰ নিচিনা ভিতৰুৱা ঠাইৰ পৰা গৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি তৃতীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাত সমগ্ৰ ধনশিৰিবাসীয়ে শুভেচ্ছা আৰু অভিনন্দন জনাইছে। নিশামনিৰ সফলতাৰ লগতে অনাগত দিনত নিশামনিয়ে উন্নন মাণদণ্ডৰ প্ৰক্ষিশনৰ বাবে পালতৰা নাও লগতে আৰ্থিক সাহাৰ্যৰ কথা ইতিমধ্যে ঘোষণা কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷
-হেমন্ত তামুলী, সৰুপথাৰ ৷

Leave A Reply