Satellite images: উপগ্ৰহৰ ছবিয়ে স্পষ্ট কৰি দিছে কোনে যুদ্ধবিৰতিৰ আহ্বান জনাইছিল

ভাৰতে প্ৰথমে নহয়, পাকিস্তানেহে(Satellite images)যুদ্ধবিৰতিৰ আহ৩ান জনাইছিল৷ কাৰণ তেওঁলোকৰ বাবে আন কোনো পথ মুকলি নাছিল৷ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে৷ ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ পাকিস্তানত সন্ত্ৰাসবাদী ঘাটি ধবংস কৰিবলৈ আৰম্ভ কৰাৰ পিছত এইবাৰ তেওঁ মুখ খুলিছে৷ তেওঁ কয় যে ভাৰতীয় সেনাই প্ৰকাশ কৰা উপগ্ৰহৰ ছবিসমূহ চাই কব পাৰি যে পাকিস্তানৰ হাতত যুদ্ধবিৰতিৰ অনুৰোধ কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল৷ সেই ছবিৰ পৰাই স্পষ্ট হৈ পৰে যে ভাৰতৰ আক্ৰমণত পাকিস্তানে কিমান ক্ষতিগ্ৰস্ত হৈছে৷ জয়শংকৰে এই কথাও স্পষ্ট কৰি দিয়ে যে ভাৰতে পাকিস্তানী সামৰিক ঘাটিক লক্ষ্য কৰি লোৱা নাছিল৷

তেওঁলোকৰ লক্ষ্য আছিল সন্ত্ৰাসবাদী ঘাটি৷ এই অভিযানত পাকিস্তানী সেনাই হস্তক্ষেপ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও তেওঁলোকে কোনো কথা নুশুনিলে৷ জয়শংকৰৰ ভাষাত ‘আমি সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধবংস কৰাৰ লক্ষ্যত সফল হৈছো৷’ অভিযানৰ আৰম্ভণিতে আমি পাকিস্তানক এটা বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে আমি এটা সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰি আছো৷ সামৰিক ঘাটি নহয়৷ এই বিষয়ত পাকিস্তানী সেনাই হস্তক্ষেপ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ তেওঁলোকে আমাৰ পৰামৰ্শ নুশুনিলে৷’ ভাৰতৰ অভিযানত পাকিস্তানী সেনাৰ ১১টা ঘাটি ধবংস হোৱাৰ পিছত শ্বাহবাজ শ্বৰীফ চৰকাৰে যুদ্ধবিৰতিৰ আহ৩ান জনোৱা বুলিও তেওঁ কয়৷ তেওঁৰ ভাষাত, ‘১০ মে’ৰ পুৱা এটা ডাঙৰ অভিযান হৈছিল… উপগ্ৰহৰ ছবিবোৰৰ পৰা স্পষ্ট হ’ব যে আমি পাকিস্তানৰ কিমান ক্ষতি কৰিবলৈ সক্ষম হৈছো’ ইয়াৰ পৰা স্পষ্ট হৈছে যে কোনে যুদ্ধবিৰতি প্ৰথমে বিচাৰিছিল৷’ ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত যুদ্ধবিৰতিৰ আহ৩ান জনাইছিল পাকিস্তানে৷ যোৱা ১০ মে’ত দুয়োখন দেশে যুদ্ধবিৰতিৰ দিশে আগবাঢ়িছিল৷ এই অনুৰোধ পাকিস্তানৰ পৰা আহিছিল বুলি ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছে৷

ভাৰতে শনিবাৰে পুৱা প্ৰথম যোগাযোগৰ সময়ো প্ৰকাশ কৰে৷ তেওঁ উপগ্ৰহৰ ছবি প্ৰমাণ হিচাপে উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবীও খণ্ডন কৰে৷ ট্ৰাম্পে দাবী কৰিছে যে তেওঁৰ মধ্যস্থতাৰ বাবেহে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা লাঘৱ হৈছে৷ ভাৰতে আকৌ এবাৰ স্পষ্ট কৰি দিলে যে পাকিস্তানেহে যুদ্ধবিৰতিৰ অনুৰোধ জনাইছে৷ জয়শংকৰে উল্লেখ কৰা উপগ্ৰহৰ ছবিসমূহ ভাৰতীয় সেনাই প্ৰকাশ কৰিছে৷ আৰু সেইটোৱে বাহাৱালপুৰ আৰু পাকিস্তানৰ মুৰিদকেত সংঘটিত আক্ৰমণৰ পিছৰ পৰিস্থিতিক প্ৰতিফলিত কৰিছে৷ তদুপৰি পাকিস্তানৰ এয়াৰ ডিফেন্স ৰাডাৰ আৰু পাছৰুৰত থকা এয়াৰ বেছত ভাৰতে প্ৰতিশোধমূলক আক্ৰমণ কৰাৰ পিছৰ ছবিও প্ৰকাশ কৰা হৈছে৷

জয়শংকৰে সেই উপগ্ৰহৰ ছবিসমূহৰ বিষয়ত আলোকপাত কৰে ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰত সুৰ মিলাই তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিছে যে এতিয়াৰ পৰা আমি কেৱল পাকিস্তানৰ সৈতে সন্ত্ৰাসবাদক লৈহে কথা পাতিম৷ পাকিস্তানত বহু সন্ত্ৰাসবাদী আছে, তেওঁলোকক ভাৰতৰ হাতত গতাই দিব লাগিব৷’ এই সন্দৰ্ভত পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ ভাৰত সাজু বুলিও তেওঁ কয়৷ কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ ভাৰত ইচ্ছুক বুলি উল্লেখ কৰে৷ তেওঁৰ ভাষাত, ‘অৱশ্যে এইক্ষেত্ৰত নতুন দিল্লীৰ স্থিতি স্পষ্ট৷ পাকিস্তানে অবৈধভাৱে দখল কৰা কাশ্মীৰ খালী কৰিব লাগিব৷’ কাশ্মীৰক লৈ মধ্যস্থতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ট্ৰাম্পে৷ ভাৰতে এই বিষয়ত তৃতীয় পক্ষৰ মধ্যস্থতা গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে৷

Related Articles