sattriya dance: মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

গুৱাহাটীৰ আগশাৰীৰ (sattriya dance) সত্ৰীয়া নৃত্যৰ শিক্ষানুষ্ঠান মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলা কেন্দ্ৰৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ‘গুৰু সেৱা’ শীৰ্ষক সত্ৰীয়া নৃত্যৰ কৰ্মশালাখন যোৱা ১৮ ডিচেম্বৰত সফল সামৰণি পৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালা খনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে পদ্মভূষণ সন্মানেৰে বিভূষিত নৃত্যাচাৰ্য যতীন গোস্বামী আৰু কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ।

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক পদ্মশ্ৰী ঘনকান্ত বৰাৰ তত্বাৱধানত অনুষ্ঠিত কৰ্মশালা খনত ঝুমুৰা নৃত্যৰ দুই আৰু তিনি নং ৰামদানিৰ লগতে ৰূপগঞ্জল তালত ৰজাঘৰীয়া চালি নাচৰ গীতৰ অংশ প্ৰশিক্ষণ দিয়া হয় । আনহাতে সত্ৰীয়া নৃত্যৰ অভিনয় ভাগৰ শিক্ষা প্ৰদান কৰে নৃত্যাচৰ্য যতীন গোস্বামীয়ে । অসমৰ বিভিন্ন ঠাইৰ উপৰি সুদূৰ দিল্লীৰ পৰাও প্ৰশিক্ষাৰ্থী আহি উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে । সত্ৰীয়া পৰম্পৰাৰ পুৰোধা মণিৰাম দত্ত মুক্তিয়াৰৰ সোঁৱৰণত অনুষ্ঠিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰে ।

অংশগ্ৰহণকাৰী সমূহ প্ৰশিক্ষাৰ্থীক সত্ৰীয়া কলা কেন্দ্ৰৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানটো আঁত ধৰে বিছমিল্লা খাঁ যুৱ পুৰস্কাৰপ্ৰাপ্ত সত্ৰীয়া নৃত্যশিল্পী অন্বেষা মহন্তই । গুৱাহাটীৰ পৰা বাতৰি যুগুতালে পংকজ বৰুৱাই ।

Related Articles