Breaking

সত্ৰীয়া নৃত্যগুৰু শিল্পী অনিতা শর্মাক “মাহাৰী বঁটা – ২০২৪” প্ৰদান…

0 31

ভাৰতবৰ্ষৰ শাস্ত্রীয় নৃত্য জগতৰ এক বিখ্যাত সম্মান “মাহাৰী বঁটা ২০২৪” এই বছৰ সত্ৰীয়া নৃত্যৰ প্ৰসাৰ প্ৰচাৰৰ বাবে আগবঢ়োৱা হৈছে সঙ্গীত নাটক অকাডেমী বটাপ্ৰাপক, গুৱাহাটীৰ অগ্ৰণী সমাজ সংস্কৃতিসেৱী অনুষ্ঠান অভিনয় ছছাইটিৰ প্ৰতিষ্ঠাপক বিশিষ্ট সত্রীয়া নৃত্য শিল্পী গুৰু অনিতা শৰ্মালৈ। উৰিষ্যাৰ ভুৱনেশ্বৰৰ পংকজ চৰণ ওডিছী ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সৌজন্যত এই মাহাৰী সন্মান ভাৰতীয় শাস্ত্রীয় নৃত্যৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে প্ৰতি বছৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী খ্যাতনামা নৃত্য শিল্পীক প্ৰদান কৰা হয়।

গুৰু অনিতা শৰ্মাক প্ৰথমবাৰৰ বাবে সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যোৱা ১৯ মার্চত ওড়িশাৰ ভুৱনেশ্বৰৰ ৰবীন্দ্ৰ মণ্ডপত বর্ণাঢ্য কার্য্যসূচীৰে আয়োজন কৰা ৰাষ্ট্ৰীয় গুৰুপংকজ নৃত্য উৎসৱ তথা মাহাৰী বঁটা অনুস্থানত ভাৰতৰ বহু নামজলা বিশিষ্ট অতিথি, নৃত্যশিল্পী, সমালোচক, দৰ্শকৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে অংগবস্ত্ৰ, স্মাৰক, প্রশস্তি পত্ৰ আৰু নগদ এক লাখ টকা। ভুৱনেশ্বৰৰ পংকজ চৰণ ওডিছী ৰিচাৰ্চ ফাউণ্ডেশ্যন আৰু উৰিষ্যা চৰকাৰৰ যৌথ উদ্যোগত এই বটা প্রদান অনুষ্ঠান অনুস্থিত হয়।

Leave A Reply