Sattriya Nritya: সদৌ অসম ভিত্তিত অনলাইন সত্ৰীয়া নৃত্য প্ৰতিযোগিতা

অসম সত্ৰ (Sattriya Nritya) মহাসভাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত পৰিৱেশ্য কলাৰ প্ৰশিক্ষণ কেন্দ্ৰ নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ উদ্যোগত সদৌ অসম ভিত্তিত এখন অনলাইন সত্ৰীয়া নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ ৫০০১ টকা, স্মাৰক, অঙ্গ বস্ত্ৰ, আৰু প্ৰমাণ-পত্ৰ, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা, স্মাৰক, অঙ্গ বস্ত্ৰ আৰু প্ৰমাণ-পত্ৰ, তৃতীয় পুৰস্কাৰ ২০০১ টকা স্মাৰক, অঙ্গ বস্ত্ৰ আৰু প্ৰমাণ-পত্ৰ ।

আনহাতে দুটা উদগণি বঁটা থাকিব । ইয়াৰ উপৰি অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীক একাডেমীৰ ফালৰ পৰা প্ৰমাণ-পত্ৰ আগবঢ়োৱা হ’ব । আঠ বছৰ বয়সৰ পৰা বিশ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি থকা প্ৰতিযোগিতা খনত প্ৰতিযোগীয়ে শুদ্ধ সত্ৰীয়া সাজপাৰত লৱণু চুৰি কৃষ্ণ নৃত্য, ঝুমুৰাৰ ৰামদানি, নাদুভঙ্গীৰ ৰামদানি আৰু শুদ্ধ চালি নাচৰ ৰামদানি পৰিবেশন কৰিব পাৰিব । পৰিবেশনৰ সময় পাঁচ মিনিট ধাৰ্য কৰা হৈছে । পঞ্জীয়ন মাচুল মাত্ৰ ৩০০ টকা । প্ৰতিযোগীয়ে Nrityasurya Pankaj Baruah Sattriya Academy- ৰ পেজত নৃত্য পৰিবেশনৰ ভিডিও আপলোড কৰিব লাগিব । উল্লেখ্য যে, পূৰ্বে মঞ্চত পৰিবেশন কৰা ভিডিও প্ৰতিযোগিতাৰ বাবে গ্ৰহণযোগ্য নহ’ব । সকলো প্ৰতিযোগীয়ে বয়সৰ প্ৰমাণ-পত্ৰৰ ফটো কপি আৰু পঞ্জীয়ন মাচুলৰ স্ক্ৰীনশ্বট ৮৭৬১৯৯৫৫৯৫ নম্বৰত হোৱাটচপ্‌ যোগে পঠোৱাটো বাধ্যতামূলক ।

বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ৰূপে বিবেচিত হ’ব । যোগদানৰ অন্তিম সময় ২৩ ডিচেম্বৰ ৰাতি ১২ বজালৈ মুকলি থাকিব । অহা ২৫ ডিচেম্বৰত একাডেমীৰ পেজত পুৰস্কাৰ ঘোষণা কৰা হ’ব আৰু অহা ২৭ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ বাৰ্ষিক উৎসৱত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হ’ব বুলি সঞ্চালক পংকজ বৰুৱাই জনাইছে ।

Related Articles