:সমগ্র ৰাজ্যৰ লগতে বৰপেটা জিলা ছাত্র সন্থাৰ উদ্যোগত পেট্ৰল জাতীয় সামগ্ৰীকে আদি কৰি সকলো ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্রতিবাদত আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত বৰপেটা চহৰৰ মাজ মজিয়াত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত ছাত্র সংগঠনটোৱে হাতে হাতে প্লে কাৰ্ড লৈ বি জে পি চৰকাৰ হাই হাই, যোগান বিভাগ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যর্থ হৈছে আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধাইছে। এটা সময়ত বিয়াগোম নেতাই গৰুৰ গাড়ীত উঠি আৰু পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান সময়ত চৰকাৰ অহাৰ পিছত নিমাত হৈ থকা দেখা গৈছে।অনাগত দিনত চৰকাৰে যদি মূল্য বৃদ্ধি ৰোধ নকৰে আৰু অধিক গণতান্ত্ৰিক আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।

