আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। (Sawan 2025) শিৱ ভক্তই কৰিছে বাবাক পূজা-আৰাধনা। শাওণ মাহ মহাদেৱৰ বাবে অতি প্ৰিয়। শিৱক ভালপোৱা সকলে আজি উপবাসে থাকি শিৱ বাবাক পূজা-আৰাধনা কৰিছে।
পুৱা সোনকালে শিৱক পূজা কৰিলে ভাল। মন্দিৰলৈ যোৱা পূৰ্বে গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি যাব। পূজাস্থলীত শিৱলিংগত পানী আৰু গাখীৰ গংগাজল আগবঢ়াব। লগতে বেলপাত, ফুল আগবঢ়াই ধূপ আৰু চাকি জ্বলাব। ওম নমঃ শিৱয় মন্ত্ৰ জপ কৰি জলাভিষেক কৰিব। শেষত ভগৱান শিৱৰ আৰতি কৰি সকলোৰে মাজত প্ৰসাদ বিতৰণ কৰিব পাৰে।
সোমবাৰে ভগৱান শিৱক তেওঁৰ প্ৰিয় বস্তু আগবঢ়াব। আনহাতে শাওণত সোমবাৰৰ দিনা দান-বৰঙণি কৰিলে ভাল। আৰ্তজনক খাদ্য-বস্ত্ৰ দান কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়।
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ “ওম নমঃ শিৱয়” মন্ত্ৰ জপ কৰক। শাওণ মাহত শিৱ ভক্ত সকলে অতি ভক্তিৰে পূজা আগবঢ়াই।