Sawan 2025: শাওন মাহত কিয় ব্ৰত ৰাখিব লাগে? জানিলে হ’ব আচৰিত !

শাওন মাহ, এই মাহটো হিন্দু ধৰ্মত অতি পৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। (Sawan 2025) এই মাহক ভগৱান শিৱৰ মাহ বুলি ধৰা হয় আৰু শিৱভক্তসকলে এই সময়ছোৱাত তেখেতক সন্তুষ্ট কৰিবৰ বাবে পূজা অৰ্চনা কৰা লগতে উপবাস ৰাখে। শাওন মাহ‌  মহাদেৱৰ প্ৰিয় মাহ, এই শাওন মাহৰ বাবে বহু অপেক্ষাৰে ৰৈ থাকে ভক্ত সকল।

এই মাহটোত প্রকৃতিৰ ৰূপ সেউজীয়া হয়, নদ-নদী পূৰ্ণ হয় আৰু বায়ুমণ্ডল পৰিশুদ্ধ হয়। এই সকলো পৰিৱেশ ভগৱান শিৱৰ পৰিশুদ্ধতা আৰু বৈৰাগ্যৰ দৃষ্টান্ত হিচাপে গণ্য কৰা হয়। বিশেষকৈ সোমবাৰৰ দিনবোৰত শিৱভক্তসকলে উপবাস ৰাখে, শিৱৰ পূজা-অৰ্চনা কৰে আৰু জলাভিষেকৰ বাবে গঙ্গাজল, দুগ্ধ, মধু, বেলপাত, চন্দন আদি নিবেদন কৰে।

শাওন মাহত ব্ৰত বিশেষকৈ মহিলাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিবাহিত মহিলাই স্বামীৰ দীঘল আৰু স্বাস্থ্যৱান জীৱনৰ বাবে এই ব্ৰত পালন কৰে। অবিবাহিত ছোৱালীয়ে ভাল জীৱনসঙ্গীৰ বাবে এই ব্ৰত পালন কৰে। উপবাস, শুদ্ধতা, মন্ত্রজপ, আৰু শিৱৰ কাহিনী পাঠ কৰি তেওঁলোক এই মাহটো ধৰ্মীয় আৰু আধ্যাত্মিকভাৱে অতিবাহিত কৰে।

এই মাহৰ গভীৰ তাৎপর্য হল-শিৱ মানেই ধ্বংস নহয়, শিৱ মানেই নতুন সৃষ্টি। শিৱ মানেই শুদ্ধতা, ধৈৰ্য আৰু জীৱনৰ অন্তহীন শক্তি। শাওন মাহত ব্রত পালন কৰি মানুহে নিজৰ ভিতৰৰ অপবিত্রতা, অহংকাৰ, ভয় আৰু সন্দেহ আঁতৰাই পেলায়। এই মাহৰ মাজেৰে মানুহ নিজকে শুদ্ধ কৰে, নতুন ভাৱে জীৱনলৈ আগবাঢ়ে আৰু ঈশ্বৰৰ সৈতে এক গভীৰ আত্মিক সংযোগ স্থাপন কৰে।

এই সময়ছোৱাত বহু ঠাইত শিৱ মন্দিৰত বিশেষ পূজা-যজ্ঞ, শিৱচৰিত পাঠ, শিৱৰ নাম কীৰ্তন কৰা হয় কাশী, হৃষীকেশ, গয়া, ওমকাৰেশ্বৰ, অমৰনাথ আদি ঠাইত লক্ষাধিক ভক্তৰ সমাগম হয় এই মাহটোত।

শাওন মাহ মানেই যেন আত্মসংযম, বিশ্বাস, শুদ্ধ চিন্তা আৰু ভক্তিৰে জীৱন গঢ়ি তোলা। এই মাহটোৱে মানুহক শিৱৰ দৰে ধৈৰ্যশীল, সংযমী আৰু ত্যাগী হ’বলৈ অনুপ্ৰেৰণা দিয়ে। শাওন মাহত ব্ৰত পালন কৰাটো কেৱল ধৰ্মীয় আচাৰ নহয়, ই এক আত্মিক অভিযান, যাৰ জৰিয়তে জীৱনত শান্তি, ভক্তি আৰু শক্তি লাভ কৰা যায়।

Related Articles