Breaking

এছ বি পি এল ৰ উদ্যোগত প্ৰথম খবৰৰ প্ৰাক আন্তৰ্জাতিক নাৰী দিৱস উদযাপন, দৰ্শনা বৰুৱালৈ মামণি ৰয়চম গোস্বামী সাহিত্য বঁটা…

0 62

আজি গুৱাহাটীৰ পল্টন বজাৰৰ হোটেল ডায়স্কত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এছ বি পি এল ৰ উদ্যোগত প্ৰথম খবৰৰ প্ৰাক আন্তৰ্জাতিক নাৰী দিৱস ২০২৪ উদ্‌যাপন কৰা হয়৷এই অনুষ্ঠানত সাংবাদিক লেখিকা
দৰ্শনা বৰুৱাক প্ৰদান কৰা হয় মামণি ৰয়চম গোস্বামী সাহিত্য বঁটা৷ ২০০২ চনৰে পৰা সাহিত্য চৰ্চা কৰি অহা সাংবাদিক তথা লেখিকা দৰ্শনা বৰুৱাই অসমৰ আগশাৰীৰ প্ৰায় সকলো বাতৰি কাকত আলোচনীত নিয়মিতভাৱে গল্প, প্ৰবন্ধ-নিবন্ধ, উপন্যাস,কবিতা, গ্ৰন্থ সমালোচনাৰে সাহিত্য চৰ্চা কৰি আহিছে৷ডিজিটেল সংবাদ মাধ্যম
প্ৰথম খবৰৰ উদ্যোগত কমল কুমাৰ আৰু ডিম্পী ভৰালীৰ তত্ত্বাৱধানত বিয়লি ৪বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত ভিন্নক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা মুঠ ১১গৰাকী নাৰী আৰু ৫ গৰাকী পুৰুষক প্ৰথম খবৰৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়৷

আগন্তুক আন্তৰ্জাতিক নাৰীদিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত কেইবাটিও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়৷অনুষ্ঠানটিত মুুখ্য অতিথি হিচাপে ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকছনৰ পৰিচালন সঞ্চালক,উদ্যমী নাৰী দিপান্বিতা জয়ছোৱাল আৰু সন্মানীয় অতিথি হিচাপে বিশিষ্ট অভিনেত্ৰী চেতনা দাস, জ্যেষ্ঠ সাংবাদিক লেখক কুমুদ দাস,চিকিৎসক তথা সংগীতশিল্পী ডা° হিতেশ বৰুৱা উপস্থিত থাকে৷ অনুষ্ঠানত এচ বি পি এলৰ সঞ্চালক চাৰভেছ কুমাৰ, নৰেশ সিং , অভিষেক পল চৌধুৰী, হীৰক নাথ,নাজমিন খানম,পুৰবী শইকীয়া মহন্ত আদিকে ধৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে বহুকেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷

Leave A Reply