যোৰহাটৰ পৰা টীয়ক নগৰলৈকে ৩৭নং ৰাষ্টীয় ঘাই পথতো কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রনালয়ে চাৰিলেন যুক্ত পথ সম্প্ৰসাৰণ কৰি নিৰ্মাণ কাৰ্য্য চলাই থকাৰ সময়তে পকী পথৰ মাজত বৃহৎ বৃহৎ গাঁত হোৱাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ বাবে জিয়াতু ভুগিৱ লগা হৈছে সাধাৰণ ৰাইজৰ।চটাইৰ পৰা টীয়কলৈ চলিত মাহৰ জানুৱাৰি ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা নিৰ্মাণ কৰিছিল যদিও বৰ্তমান প্ৰায়বোৰ ঠাইতে বৃহৎ বৃহৎ গাঁত সৃষ্টি হৈছে। বিভিন্ন ৰাজ্যৰ পৰা অহা আৰু স্থানীয় যান বাহন সমুহ বৃহৎ বৃহৎ গাঁত হোৱাত যাতায়তৰ বাবে অসুবিধা হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে চাৰিলেন যুক্ত পথ নিৰ্মাণ কাৰী সংস্থা জে.ডি.চি য়েলে লিংকন এণ্ড ডিগনিতি নামৰ কোম্পানিতোক নিৰ্মাণৰ দ্বায়িত্ব অৰ্পন কৰিছিল।অতি নিন্ম মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে ৩৭নং ৰাষ্টীয় ঘাই পথত বৃহৎ গাত সংঘটিত হৈছে বুলি সচেতন মহলে মত পোষণ কৰিছে।ইপিনে টীয়কৰ মেলেংস্থিত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাৰ্য্যালয়ৰ সম্মুখত প্ৰতিবাদ কৰিছিল স্থানীয় শিল,বালি,মাটি যোগান ধৰা থলুৱা ঠিকাদাৰ অাৰু কৰ্মচাৰী সকলে।ইমানবোৰ বিসংগতি থকা নিৰ্মান কাৰী সংস্থাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ হস্তক্ষেপৰ দাৱী তুলিছে সচেতন মহলে।

