Breaking

নিজা বাসগৃহতে বন্তি জ্বলাই সতী ৰাধিকা দিৱস পালনৰ আহ্বান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

0 175

শিৱসাগৰ

 অহা ৭ মে’ত সতী ৰাধিকা দিৱস৷ সতী ৰাধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক দলীল। সতী ৰাধিকা সেইগৰাকী মহিয়সী নাৰী, যি জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল। সতী ৰাধিকা সেইগৰাকী নাৰী যিয়ে জাত্যাভিমানী আৰু ৰক্ষণশীল সমাজৰ মুখত চূন সানিবলৈ সক্ষম হৈছিল। শংকৰী যুগত নিজৰ গুণ আৰু কৰ্মৰ জৰিয়তে সতীত্বৰ চিনাকী দিবলৈ সক্ষম হৈছিল এইগৰাকী মহিয়সী নাৰী সতী ৰাধিকাই। এইদৰে মন্তব্য কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাস। তেওঁ কয় যে সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে সতী ৰাধিকা হ’ল এক উজ্বল নিদৰ্শন। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই বিগত সময়ত অসমত সতী ৰাধিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল আৰু প্ৰতিবাদ পৰ্যন্ত সাব্যস্ত কৰিছিল। শেহতীয়াকৈ অসম চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে আৰু মাজুলী জিলাতেই সতী ৰাধিকা সমন্বয় ক্ষেত্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। এয়া সমগ্ৰ জাতিটোৰ বাবে সন্থাৰ দ্বাৰা এক সাফল্য বুলি অভিহিত কৰিছে সম্পাদকজনে। সতী ৰাধিকা কৈৱৰ্ত কুলৰ জীয়ৰী হোৱাৰ বাবে কেৱল কৈৱৰ্ত কুলৰ পূজনীয় নাৰী নহয়, সতী ৰাধিকা সমগ্ৰ অসমৰ অসমীয়া সমাজৰ বাবে পৰম পূজনীয় মহিয়সী নাৰী বুলি অভিহিত কৰিছে সন্থাই। তেওঁ কয় যে যিহেতু এইবছৰ সতী ৰাধিকা দিৱস সামাজিকভাৱে উলহ মালহৰে পালন কৰাৰ পৰিবেশ নাই৷ সেয়ে অসমবাসী ৰাইজ, অনুসূচিত জাতি ৰাইজ তথা কৈৱৰ্ত জাতিৰ ৰাইজে অহা ৭ মে’ত সন্ধ্যা নিজা নিজা বাসগৃহতেই বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিবস পালন কৰাৰ আহ্বান জনাইছে অনুসূচিত জাতি ছাত্ৰ সন্থাই।

Leave A Reply