Breaking

‘আল্লাহু আকবৰ’ ধ্বনি দি বিদ্যালয়ত আক্ৰমণঃ শিক্ষক নিহত…

0 42

ফ্ৰান্সৰ বিদ্যায়ত সংঘটিত হৈছে পুনৰ আক্ৰমণ।২০২০ চনত দেশ খনত মৌলবাদীয়ে হত্যা কৰিছিল শিক্ষক চেমুৱেল পিৰ নামৰ এজন শিক্ষকক। সেই স্মৃতি যেন পুনৰ ঘূৰি আহিছে। ফ্ৰান্সৰ এখন বিদ্যালয়ত সংঘটিত হৈছে আন এটা জেহাদী আক্ৰমণ। এই ঘটনাত এজন শিক্ষকক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে । আক্ৰমণৰ ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে।

বিবিচিৰ মতে, শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১ বজাত উত্তৰ ফ্ৰান্সৰ আৰাছ অঞ্চলৰ এখন বিদ্যালয়ত এই ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই ‘আল্লা হু আকবৰ’ বুলি চিঞৰি বিদ্যালয়ত প্ৰৱেশ কৰে আৰু এজন শিক্ষকক হত্যা কৰে। আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। আক্ৰমণকাৰী অথবা নিহত জনৰ নাম জানিব পৰা হোৱা নাই।

Leave A Reply