বৰপেটা জিলাত কোভিড পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ মজলীয়া বিদ্যালয় সমূহো কাইলৈৰ পৰা বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰা নতুন নিৰ্দেশনাৰ আধাৰত কাইলৈৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ অনুৰ্ধৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ স্বাক্ষৰিত এটা নিৰ্দেশত এই কথা কোৱা হৈছে। এই নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী উভয় ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। অৱশ্যে ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা লাভ ক্ষতিগ্ৰস্ত নোহোৱাকৈ অন লাইন যোগে পাঠদান ব্যৱস্থা বাহাল ৰাখিবলৈ কোৱা হৈছে। আজি একে দিনাই জিলাখনত শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিমধ্যে জিলাখনত মুঠ কৰোনা ৰোগীৰ সংখ্যাই এশ অতিক্ৰম কৰাৰ দিনাই জিলাখনৰ পঞ্চম শ্ৰেণীৰ পৰা নিম্ন শাখাৰ সকলো শ্ৰেণীৰে বিদ্যালয়ৰ পাঠদান বন্ধ কৰি দিয়া হৈছিল। অহা ৮ মে’লৈকে এই নিৰ্দেশ প্ৰযোজ্য হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অৱশ্যে নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ শ্ৰেণীৰ বিদ্যালয়ত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত অংশ লোৱাৰ অনুমতি বাহাল ৰখা হৈছে। আজি অবিভক্ত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ৪১৮১জন লোকৰ কৰা পৰীক্ষাত ১২৯ জনৰ পজিটিভ পোৱা যায়। ইফালে জিলাখনৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বিষয়ে আলোচনাৰ বাবে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত আজি আবেলি এখন সভা অনুষ্ঠিত হয়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, সকলো অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা পৰিবহন বিষয়া, খাদ্য আৰু যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপসঞ্চালক, শ্ৰম বিষয়া আদিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সকলো দিশ খৰচি মাৰি আলোচনা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা উপায়ুক্তই জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছে। সমিতিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক মনোজ কুমাৰ ছিকাৰিয়াক উপাধ্যক্ষ আৰু জেষ্ঠ অতিৰিক্ত উপায়ুক্ত দিলীপ কুমাৰ বোথ্ৰাক সদস্য সচিব হিচাপে নিয়ুক্তি দিয়াৰ উপৰি সকলো অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা পৰিবহন বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু শ্ৰম বিষয়াক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। কালি দেওবাৰে সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত কাইলৈও ইয়াৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব।

