Breaking

আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ বিদ্যালয় চেনিটাইজ

0 2,025

ক’ভিডৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰক্ষিতত ইতিমধ্যে ৰাজ্য চৰকাৰে পুনৰ পাঠদানৰ ব্যৱস্থা কৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পহিলা জানুৱাৰীৰ পৰা হোৱাৰ কথা শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিছতেই সকলো বিদ্যালয়তে চেনিটাইজ কৰা হৈছে। আৰ ডি এডুকেশ্বন ফাউণ্ডেচনৰ উদ্যোগত লাহোৱাল শিক্ষাখণ্ডৰ অধীনৰ ৰহমৰীয়া, ফুকনৰখাত, চিৰিংহোলা, ৰমাই, টিমনা, মদাৰখাত পঞ্চায়তৰৰ অধীনৰ  বিদ্যালয়সমূহত চেনিটাইজ কৰা হয়। উল্লেখ্য যে আৰ ডি এডকেশ্বন ফাউণ্ডেচনৰ তৰফৰ পৰা লাহোৱালৰ বিভিন্ন বিদ্যালয়ত শৈক্ষিক সমৰ্থন আগবঢ়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ফাউণ্ডেশ্বনৰ পৰিচালন সঞ্চালক  মনোজ ধানোৱাৰৰ তদাৰকত হোৱা চেনিটাইজ কাৰ্যত লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সহযোগিতা পৰিলক্ষিত হয়। লাহোৱাল মণ্ডল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিনোদ কোঁৱৰ, আৰ ডিৰ কৰ্মী ৰাতুল কুম্ভকাৰৰ লগতে বহুকেইজন বিষয়ববীয়াৰ সহযোগত বিদ্যালয়ত চেনিটাইজ কৰা হৈছে। আৰ ডিৰ এই পদক্ষেপত ৰাইজে আদৰণি জনাইছে।

Leave A Reply