School Summer Vacation: গ্ৰীষ্মকালীন বন্ধতো শিক্ষাৰ সংযোগ: কামৰূপ (মেট্ৰ’)-ত শিক্ষাৰ্থীসকলৰ বাবে ঘৰুৱা কামৰ নিৰ্দেশনা জাৰি

গুৱাহাটী: School Summer Vacation গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিদ্যালয়সমূহ বন্ধ থাকিলেও শিক্ষাৰ্থীসকলৰ জ্ঞান, মূল্যবোধ আৰু জীৱন দক্ষতা বিকাশৰ উদ্দেশ্যে কামৰূপ মেট্ৰ’ জিলা শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন ধৰণৰ ঘৰুৱা কাম (হ’ম-এছাইনমেণ্ট) নির্ধাৰণ কৰি সংশ্লিষ্ট বিদ্যালয়সমূহক নিৰ্দেশনা প্ৰেৰণ কৰিছে।

এই ঘৰুৱা কামসমূহ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা, আচাৰ-ব্যৱহাৰ, পৰিয়ালকেন্দ্ৰিক মূল্যবোধ, আৰু দৈনন্দিন জীৱনমুখী দক্ষতা বৃদ্ধিত সহায় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

নিৰ্বাচিত কামসমূহৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল:

  • পিতৃৰ বংশবৃক্ষ অংকণ
  • ভাল আচাৰ-ব্যৱহাৰ সম্পৰ্কে ৰচনাত্মক লেখা
  • ককা-আইতাৰ জীৱন যাত্ৰাৰ বৰ্ণনা
  • পৰিয়ালৰ এগৰাকী সদস্যৰ সৈতে সাক্ষাৎকাৰ
  • বাতৰিৰ বুলেটিন প্ৰস্তুতকৰণ
  • অভিভাৱকৰ সহায়ত দায়িত্বৰ তালিকা নিৰ্মাণ
  • ঘৰুৱা ৰন্ধন শিকি ৰেচিপি বুক তৈয়াৰ কৰা

এই উদ্যোগৰ জৰিয়তে শিক্ষাৰ্থীসকলে ছুটীৰ সময়ছোৱাতো শিক্ষাৰ সৈতে জড়িত হৈ থাকিব, লগতে জীৱনৰ প্ৰতি দায়িত্বশীল আৰু অভিজ্ঞতা সম্পন্ন হৈ উঠিব বুলি জিলা শিক্ষা বিভাগে আশা প্ৰকাশ কৰিছে।

এই নিৰ্দেশনা ইতিমধ্যে কামৰূপ (মেট্ৰ’) জিলাৰ সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Articles