বিদ্যালয়ৰ পানীৰ টেংকী বিক্ৰী প্ৰধান শিক্ষক আৰু সভাপতিৰ

কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ৫৮৩ দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ পানীৰ টেংকী বিক্ৰী বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ ৷ বিদ্যালয় খনত দুটা টেংকী আছিল যদিও তাৰে এটা ওচৰৰে মছজিদত দান কৰিছে আনটো পাঁচ হেজাৰ টকা বিক্ৰী কৰাৰ অভিযোগ পোৱা গৈছে ৷

বিদ্যালয় খনত প্ৰাত: সভা অনুষ্ঠিত কৰিবলৈ ঠাইৰ অভাৱ হোৱাৰ কাৰণে পানীৰ টেংকী বিক্ৰী কৰা বুলি জানিবলৈ বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনাৰ সভাপতিয়ে ৷ পানী টেংকী বিক্ৰী কৰা পয়চাৰে বিদ্যালয় চৌহদত মাটি ভৰোৱা বুলি সদৰি কৰে প্ৰধান শিক্ষক আৰু সভাপতিয়ে ৷ অৱশ্যে এইক্ষেত্ৰত কোনো প্ৰস্তাৱ লোৱা হোৱা নাই বুলি স্বীকাৰ কৰে প্ৰধান শিক্ষক আৰু সভাপতিয়ে ৷

এইক্ষেত্ৰত দূৰ্নীতি হোৱা বুলি একাংশ ৰাইজে ৰূপসী প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে৷ প্ৰধান শিক্ষক গৰাকীয়ে কোনো প্ৰস্তাৱ নোলোৱাকৈ বিদ্যালয়ৰ সম্পত্তি বিক্ৰী কৰা সন্দৰ্ভত খণ্ড শিক্ষা বিষয়া গৰাকীয়ে কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ’ব ৷

Related Articles