Breaking

মানৱ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে স্কুলীয়া শিক্ষাই সৰ্বশ্ৰেষ্ঠ নহয় :সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী…

0 30

বৰ্তমান সময়ত যুৱকসকলে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিছে।যুৱক-যুৱতী সকলোৱে আহি গোঁসাইৰ শৰণ লৈছে । মানৱ জীৱনটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে অকল স্কুলীয়া শিক্ষাই যথেষ্ট নহয়।ইয়াৰ লগতে লাগিব নৈতিক শিক্ষা,আধ্যাত্মিক চিন্তা,সাংস্কৃতিক চিন্তা।এই গোটেই কেইটা দিশেৰে আগবাঢ়ি গ’লেহে সমাজখন সুস্থিৰ হ’ব।এই মন্তব্য মাজুলীৰ আউনীআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ।পুৰণিগুদাম আউনীআটিস্থিত এডলীয়াবৰ শাখা সত্ৰত দুদিনীয়া শৰণ কাৰ্য্য সমাপনৰ বাবে বহৰ পাতি থকা ডেকা সত্ৰাধিকাৰ গৰাকীৰ লগত আজি সাংবাদিকৰ এক মত-বিনিময় অনুষ্ঠানত ডেকা সত্ৰাধিকাৰ গৰাকীয়ে আৰু কয়, শৰণৰ মাধ্যমেৰে আমি যিসমূহ উপদেশ দিওঁ সেইসমূহ নিজৰ জীৱন যাত্ৰাত প্ৰয়োগ কৰিলে এজন মানুহে জীৱনটোত কেতিয়াও উজুতি খাব লগা পৰিবেশৰ সৃষ্টি নহয়।মাজুলীৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডেকা সত্ৰাধিকাৰ গৰাকীয়ে কয়, বৰ্তমান সময়ত মাজুলীখন অতি সুন্দৰ হৈ পৰিছে।

মাজুলীৰ পৰা সৰ্বানন্দ সোনোৱালে জয়লাভ কৰি মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মাজুলীৰ উন্নয়ন আৰম্ভ হৈছে বুলি উল্লেখ কৰি ডেকা সত্ৰাধিকাৰ গৰাকীয়ে কয়, বৰ্তমানৰ চৰকাৰখনৰ দিনটো মাজুলীৰ বাট-পথকে ধৰি সকলো দিশতে উন্নয়ন হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে।এই দলং নিৰ্মাণ হোৱাৰ পিছতে মাজুলীৰ যাতায়ত অধিক উন্নত হ’ব।বিশেষকৈ নাৱেৰে পাৰ হৈ থকাটো বিপদজনক।বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাত নাও কেতিয়াবা বালিত লাগি ধৰে।এনেধৰণৰ বিপদৰ পৰা ৰক্ষা পাবলৈ দলং নিৰ্মাণৰ প্ৰয়োজন আছিল আৰু বৰ্তমান দলং নিৰ্মাণৰ কাম চলি আছে।এইটো মাজুলীৰ বাবে সু-খবৰ।এতিয়া দলং হৈ উঠাৰ পিছত মাজুলীলৈ যাবৰ কাৰণে সকলোৰে বাবে সুবিধা হ’ব।ইফালে, বৰ্তমান ৰাজনৈতিক গৰম বতাহৰ সময়ত ৰাজনৈতিক দিশৰ ওপৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আমি যি ৰজা হয় তেওঁৰেই প্ৰজা।বৰ্তমান সময়ত অসমৰ হৈ মাত মাতি অসমৰ হৈ কাম কৰিব পৰা প্ৰতিনিধি আমি বিছাৰো বুলি তেওঁ উল্লেখ কৰে।উল্লেখযোগ্য যে, যোৱা কালিৰে পৰা আউনীআটি এডলীয়াবৰ শাখা সত্ৰত ডেকা সত্ৰাধিকাৰ গৰাকীয়ে শৰণ-ভজন দিয়াত গুৰুত্ব আৰোপ কৰিছে।

কালিৰে পৰা তিনিশৰো আধিক যুৱক- যুৱতী,বোৱাৰীয়ে শৰণ লৈ সামাজিক দিশত আৰু আগবাঢ়ি যোৱা পৰিলক্ষিত হয়।ইফালে, কালি সত্ৰাধিকাৰ গৰাকীয়ে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এডলীয়াবৰ শাখা সত্ৰত উপস্থিত হোৱা আউনীআটি সত্ৰৰ আশীৰ উৰ্দ্ধৰ শিষ্য,ভকতক চেলেং চাদৰেৰে বিশেষ সম্বৰ্ধনা জনায়।সত্ৰাধিকাৰ গৰাকীৰ উপস্থিতিত এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হোৱা এডলীয়াবৰ শাখা সত্ৰত শৰণ-ভজনৰ উপৰিও নামতি দলৰ নাম-প্ৰসংগে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে।কালি এই শাখা সত্ৰৰ প্ৰাংগণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা উপস্থিত হৈ সত্ৰাধিকাৰ গৰাকীৰ পৰা আশীৰ্বাদ লয়।উল্লেখযোগ্য যে, আউনীআটি এডলীয়াবৰ শাখা সত্ৰ পৰিচালনা সমিতিয়ে উঠি অহা প্ৰজন্মৰ মাজত সৃষ্টি হোৱা যুৱ-উশৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত শৰণ লোৱাটো যে জৰুৰী সেই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।যাৰ পৰিপ্ৰেক্ষিতত উঠি অহা প্ৰজন্মৰ যুৱক-যুৱতীসকলে শৰণ লোৱাত গুৰুত্ব দিয়া দেখা গৈছে।ইফালে পৰিচালনা সমিতিৰ সম্পাদক খৰ্গেশ্বৰ বৰাই শাখা সত্ৰৰ উন্নয়নৰ দিশটোৰ লগতে গোসাঁইৰ বহা নিৰ্মাণ কৰি সত্ৰখন সফলতাৰ দিশলৈ লৈ যোৱাত বিশেষ পদক্ষেপ গ্ৰহন কৰিছে।

Leave A Reply