Breaking

মাজুলীত বিজ্ঞান সজাগতা সভা

0 2,026

বিজ্ঞান প্ৰযুক্তি বিভাগ আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম বিজ্ঞান সমিতি,মাজুলী শাখাৰ উদ্যোগত আজি সোনোৱাল কছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত এখনি সজাগতা অনুষ্ঠিত কৰা হয়।সভাখন সঞ্চালনা কৰে বিদ্যালয়ৰ অধ্যক্ষ  নল পতিৰে।সভাখনৰ আঁত ধৰে অসম বিজ্ঞান সমিতি ,মাজুলী শাখাৰ সম্পাদক জীৱন বৰাই।সভাখনত সমাজত প্ৰচলিত কু-সংস্কাৰ আৰু অন্ধবিশ্বাস সন্দৰ্ভত কেইবাজনো সমল ব্যক্তিয়ে ব্যক্তব্য আগবঢ়ায়।প্ৰত্যেকজন ছাত্ৰ -ছাত্ৰীয়ে যাতে সমাজখনত চকু মেলি চাই প্ৰচলিত কিছুমান অন্ধ বিশ্বাসৰ পৰা মুক্ত হৈ বিজ্ঞান সন্মত ভাবে এক প্ৰণালীবদ্ধ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু লগতে সমাজত বিজ্ঞানৰ ব্যাপক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে সভাখন অনুষ্ঠিত কৰা হয়।মাজুলী বিজ্ঞান সমিতিৰ পম্পী হাজৰিকা,সুনীল বৰা,বসন্ত বৰা,জিতেন বৰা ,কুশদীপ হাটীমতাই ব্যক্তব্য আগবঢ়াই।তাৰোপৰি ছাত্ৰ- ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰকল্প কেনেদৰে প্ৰস্তুত কৰিব পাৰি তাৰ আভাস দিয়ে জীৱন বৰাই।
পৰাণজ্যোতি বৰা, নামনি মাজুলী ।

Leave A Reply