ছিপাঝাৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

অসম চৰকাৰৰ বিজ্ঞান- প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ছিপাঝাৰ খণ্ডৰ সৌজন্যত অলপতে বৰদৌলগুৰি  উচ্চ মাধ্যমিক বিদ্যালয়ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক’ভিড প্ৰট’কল মানি বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অলপতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহ আছিল বিজ্ঞানৰ আৰ্হি , চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু বিজ্ঞানৰ ধাৰণা ।প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰাচীন গণিতজ্ঞ আৰ্যভট্টৰ প্ৰতিকৃতিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বৰদৌলগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাই।

তাৰপিছতে অনুষ্ঠিত হোৱা  প্ৰতিযোগিতা সমূহৰ ফলাফল বিচাৰক সকলে ঘোষণা কৰে।  ফলাফল অনুসৰি বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেবৰ্ষী কলিতা, চিন্ময় শৰ্মাৰ “সূতা কটা যন্ত্ৰ”  , দ্বিতীয় স্থান লাভ কৰে  ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আশাপৰ্না গৌতম, দীপাশ্ৰী চহৰীয়াৰ “পানী নিগৰুৱা পদ্ধতি” আৰু তৃতীয় স্থান জাতীয় বিদ্যালয় অসম, হাজৰিকাপাৰাৰ ছাত্ৰ ।

পল্লৱী ডেকা, চিন্ময়ী ডেকাই প্ৰদৰ্শন কৰা “আধূনিক কৃষি পদ্ধতি কৌশল” আৰ্হিটোৱে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান ।
মৃগাংগ কলিতা ( হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়) দ্বিতীয় স্থান ৰিপ্সিতা শিৱম (ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ) আৰু তৃতীয় স্থান লাভ কৰে  অসীম জ্যোতি শৰ্মা ( লেঙ্গেৰীঝাৰ হাইস্কুল)। উদগণি বঁটা আগবঢ়োৱা হয় ।

নাৰ্গিছ চুলতানালৈ (বৰদৌলগুৰি হাইস্কুল)।
পোষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম
সঞ্জয় কুমাৰ নাথ (ৰূপকোৱৰ জ্যোতিপ্ৰসাদ হাইস্কুল ), দ্বিতীয় ৰিপ্সিতা শিৱম ( ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু তৃতীয় স্থান  নিহাৰিকা দেৱী  ( অসম জাতীয় বিদ্যালয় ,  হাজৰিকাপাৰা) আৰু প্ৰাণ কিশোৰ নাথে ( ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ)। বিজ্ঞানৰ  ধাৰণা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে দেবাংগ ডেকা আৰু
অনিৰুদ্ধ ডেকা দুয়ো অসম জাতীয় বিদ্যালয় ,  হাজৰিকাপাৰাৰ ছাত্ৰ , তৃতীয় স্থান পায় জ্যোতিস্মিতা ডেকা
ভূপালী নাথে (বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ।

ফলাফল ঘোষণা কৰাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথে ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ হকে সকলো কথাতে যুক্তি যুক্ততা বিচাৰ কৰি চাবলৈ আহ্বান জনায়। সকলো ঘটনাৰ আঁৰতে যে কিবা কাৰণ লুকাই থাকে, কাৰণ অবিহনে কোনো ঘটনা নঘটে সেই বিষয়ে চালি জাৰি চাবলৈ তেওঁ কয়। অসম বিজ্ঞান সমিতি , ছিপাঝাৰ শাখাৰ যুটীয়া সম্পাদক ইকবাল ৰছিদ হাজৰিকাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ত্ৰৈলোক্য মোহন গোস্বামী , বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথ, ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চায়েন্স ফেছিলেটৰ ৰাজকৃষ্ণ ডেকা, বৰদৌলগুৰি হাইস্কুলৰ শিক্ষক মুকুট শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সকলে জিলা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশ লব পাৰিব বুলি ছিপাঝাৰ খণ্ড সমন্বয়ক মণিষা শৰ্মাই জনাইছে।

Related Articles