বিশ্বৰ শীৰ্ষ ৫% বিজ্ঞানীৰ তালিকাত মঙলদৈৰ ড° প্ৰাঞ্জল কলিতা, দৰং-অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমীয়া মাধ্যমৰ ছাত্ৰই ।SciRank Global Registry 2025

দৰং জিলাৰ মঙলদৈৰ সু-সন্তান তথা কোকৰাঝাৰস্থিত কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (CIT Kokrajhar)-ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল কলিতাই বিশ্বৰ শীৰ্ষ বিজ্ঞানীসকলৰ অন্যতম সন্মানজনক তালিকা SciRank Global Registry 2025-ত স্থান লাভ কৰি ৰাজ্যখনলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। OpenAlex-ত সূচীবদ্ধ ৮ মিলিয়নতকৈ অধিক সক্ৰিয় গৱেষকৰ ভিতৰত ড° কলিতাই বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এই স্বীকৃতি গৱেষকৰ বৈজ্ঞানিক প্ৰকাশনা, উদ্ধৃতি (Citation) আৰু গৱেষণাৰ সামগ্ৰিক প্ৰভাৱৰ ভিত্তিত প্ৰদান কৰা হয়। বিশ্বজুৰি দুই কোটিৰো অধিক গৱেষণা প্ৰকাশনৰ মূল্যায়নৰ অন্তত এই ৰেংকিং প্ৰস্তুত কৰা হৈছে।

মঙলদৈৰ উপহুপাৰা ৩ নং কলনীৰ প্ৰয়াত খঙীৰাম কলিতা আৰু প্ৰয়াত ধনেশ্বৰী কলিতাৰ কনিষ্ঠ পুত্ৰ ড° প্ৰাঞ্জল কলিতাই অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি নিজৰ অধ্যৱসায়, মেধা আৰু গৱেষণাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

তেওঁ মঙলদৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত NET-CSIR Junior Research Fellowship (JRF) লাভ কৰি পুণেৰ National Chemical Laboratory (NCL)-ৰ পৰা পি.এইচ.ডি. ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছত জাপানৰ National Institute for Materials Science (NIMS)-ত পোষ্ট-ডক্টৰেল গৱেষণা সম্পন্ন কৰাৰ লগতে আমেৰিকাৰ Ames Laboratory, Iowa State University আৰু Georgia Institute of Technology, Atlanta-ত গৱেষক হিচাপে কৰ্মৰত আছিল।

বৰ্তমান তেওঁ কোকৰাঝাৰস্থিত কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ৰসায়ন বিজ্ঞান বিভাগত সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে হেটেৰ’জিনিয়াছ কেটালাইছিছ (Heterogeneous Catalysis), আৱৰ্জনা ব্যৱস্থাপনা, মূল্য সংযোজিত ৰাসায়নিক পদাৰ্থ আৰু জৈৱ ইন্ধন। পৰিৱেশ-অনুকূল আৰু বহনক্ষম ঔদ্যোগিক প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য গৱেষণা অব্যাহত ৰাখিছে।

ড° কলিতাই বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (DST) আৰু বৈজ্ঞানিক তথা ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR)-ৰ সহায়ত দেশ-বিদেশৰ বিভিন্ন সন্মিলনত গৱেষণাৰ ফলাফল উপস্থাপন কৰিছে। তেওঁৰ কৃতিত্বৰ তালিকাত আছে ২০১৬ চনত The Institution of Engineers (India) আৰু IIT Roorkee-ৰ Best Technical Presentation Award, ২০১৫ চনত TERI, New Delhi-ৰ Team Spirit Award, আৰু ২০২৫ চনত Venus International Foundation, Chennai-ৰ পৰা 11th Venus International Research Award। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৩০টাতকৈ অধিক আমন্ত্ৰিত বক্তৃতা আগবঢ়াইছে।

SciRank Global Registry 2025-ত ড° প্ৰাঞ্জল কলিতাৰ এই অন্তৰ্ভুক্তিয়ে কেৱল দৰং জিলাই নহয়, সমগ্ৰ অসমকেই গৌৰৱান্বিত কৰিছে। অসমীয়া মাধ্যমত অধ্যয়ন কৰি বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰা ড° কলিতা আজিৰ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ নাম হিচাপে পৰিগণিত হৈছে।

Related Articles