মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলতো প্ৰতি দেওবাৰে বিভিন্ন বিদ্যালয় তথা খেলপথাৰত লাহৰীঘাটৰ প্ৰশিক্ষণ প্ৰাপ্ত মাষ্টাৰ ইলিয়াছ আহমেদে বিভিন্ন স্কুলৰ ছাত্র ছাত্রী সকলক Scout and Guide ৰ প্ৰশিক্ষণ দিয়ে। বয়স অনুযায়ী ৩ টা গ্ৰুপৰ ছাত্র ছাত্রী সকলক প্ৰশিক্ষণ দিয়ে। তেওঁ জনোৱা মতে মৰিগাঁও জিলাত ৯০ খন ঠাইত Scout and Guide ৰ প্ৰশিক্ষণ দিয়া হয়। অৱশ্যে ইয়াৰ শাখা কাৰ্যালয় মৈৰবাৰীত আছে বুলিও জানিব পৰা গৈছে। বৰ্তমান সময়ত নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে অধিক লাভদায়ক। প্ৰশিক্ষণ সম্পূর্ণ হলে পৰ্যায় অনুযায়ী ৩ খন প্ৰমাণ পত্র Scout and Guide বিভাগৰ পৰা দিয়া হয় আৰু এই প্ৰ পত্র সেনা বাহিনীৰ চাকৰিৰ বাবে আবেদন কৰিলে যথেষ্ট সহায়ক হয় বুলিও জানিব পৰা গৈছে।