Breaking

ভাৰত স্কাউট আৰু গাইডৰ স্কাউট, গাইড, ৰভাৰ; ৰেঞ্জাৰক ৰাজ্য পুৰস্কাৰ বঁটা প্ৰদান…

0 22

ভাৰত স্কাউট আৰু গাইড, অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ উদ্যোগত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰসকলৰ ৰাজ্যপুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই ৰাজ্যপুৰস্কাৰ বঁটা ৰাজ্যৰ স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰৰ বাবে সৰ্বোচ্চ বঁটা। যুৱ ল’ৰা-ছোৱালীয়ে ৰাজ্যপুৰস্কাৰ পৰীক্ষা যিটো ব্যৱহাৰিকৰ লগতে তাত্ত্বিক পৰীক্ষা সম্পূৰ্ণ কৰে আৰু সফল প্ৰাৰ্থীসকলক ৰাজ্যৰ ৰাজ্যপালৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এইবাৰ ৬০ গৰাকী গাইড ২৩ গৰাকী স্কাউট ০৩ ৰ ৰভাৰ আৰু ০৬ গৰাকী ৰেঞ্জাৰে ৰাজ্যপুৰস্কাৰ বঁটা লাভ কৰে। ৩ টা উপৰাষ্ট্ৰপতি বঁটাও বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত ৰাজ্যৰ বিভান্ন জিলাৰ স্কাউট, গাইড, ৰভাৰ আৰু ৰেঞ্জাৰসকল উপস্থিত থাকে।

আনহতে উক্ত অনুষ্ঠানটোতে ২০১১-২০১২ আৰু ২০২১-২০২২ চনৰ বাবে বকোৰ জৱাহৰলাল নেহৰু কলেজেও লাভ কৰে বঁটা।ৰাজ্যপুৰস্কাৰ বঁটা প্ৰদান অনুষ্ঠানটোত St. Mary’s Higher Secondary Schoolৰ স্কাউট, গাইড দলটিয়েও লাভ কৰে বঁটা। এই বঁটা গ্ৰহণ কৰে টেক্উইং গোহাঞিয়ে।

আজি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেডাৰসকলক বিভিন্ন বঁটা আৰু পুৰস্কাৰ প্রদান কবে ভাৰত স্কাউট এণ্ড গাইডৰ অসম প্রদেশ ষ্টেট ছিফ কমিছনাৰ এ কে হাজৰিকা, ষ্টেট কমিছনাৰ লীনা দত্ত আৰু ভাইচ প্ৰেচিডেণ্ট ৰাজেন্দ্ৰ প্ৰসাদে। আজিৰ বঁটাপ্ৰদান অনুষ্ঠানটোৰ আঁতধৰে ভাৰত স্কাউট এন্ড গাইড, অসম ৰাজ্যিক সম্পাদক অৰুণীমা দেৱীয়ে। অসমৰ বিভিন্ন স্থানৰ পৰা অহা কেডাৰসকলৰ লগতে গাইডসকলেও আজিৰ অনুষ্ঠানব শুভাবর্ধন কৰে। বিশেষকৈ শিৱসাগৰ, যোৰহাট, লক্ষীমপুৰ, ধেমাজি, বকো, কামৰূপৰ বিভিন্ন বিদ্যালয়ৰ বিশেষকৈ জাতীয় বিদ্যালয়, ডনবস্ক’ স্কুল, ছেণ্টমেৰিজ স্কুলৰ পৰা অহা কেডাৰসকলে লাভ কৰে পুৰস্কাৰ।

গুৱাহাটী চেনিকুঠিস্থিত ছেণ্টমেৰিজ স্কুলৰ গাইড অনিমা এক্কা দৈমাৰীয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে গোগামুখৰ পৰা আহি গোগামুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰল অধ্যক্ষ জিতেন শইকীয়া, যোৰহাটৰ নিতুমণি শইকীয়ায়ো অংশগ্ৰহণ কৰে।

Leave A Reply