Breaking

ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী ! সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী…

0 97

পুনৰ উন্মোচন ছেবাৰ কাণ্ডজ্ঞানহীনতা। বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে সম্বিৎ ঘূৰাই পালে ছেবাই।

সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সমাজবিজ্ঞানৰ পৰীক্ষা।

২৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। ২৭ ফেব্ৰুৱাৰীৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষাৰ সময় পুৱা ৯ বজাৰ পৰিৱৰ্তে দুপৰীয়া ১.৩০ বজাৰ ৪.৩০ বজালৈ সলনি।

Leave A Reply