বিশ্বনাথ জিলা কবি সন্মিলন।এক উৎসৱ মুখৰ পৰিৱেশ বিহালী ৰাংছালীতদুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত বিশ্বনাথ জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন ।ডেৰ কুৰি কবিৰ কবিতা পাঠ : তিনিগৰাকী কবিক বিশিষ্ট কবি বঁটা প্ৰদান।পাঁচ গৰাকী বিশিষ্ট কবিক সম্বৰ্ধনা ৮ খন কাব্যগ্রন্থ উন্মোচনএক উৎসৱ মুখৰ পৰিৱেশত বেদেতী কবি চক্ৰৰ সহযোগত আৰু বিহালী ৰাংছালীবাসীৰ আতিথ্যত ৰাংছালী আদৰ্শ গাওঁৰ ৰংগ মঞ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিশ্বনাথ জিলা দ্বি- বাৰ্ষিত কবি সন্মিলন খনিৰ সফল ভাবে পৰিসমাপ্তি ঘটে। প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণ আৰু সাহিত্য প্ৰতিযোগিতাৰে সম্পন্ন হোৱাৰ পাছত দ্বিতীয় দিনা বৰ্ণাঢ্য ভাবে কবি সন্মিলন খনি ছয়দুৱাৰ মহাবিদ্যালয়ৰ আধ্যাপক ড. “ভাস্কৰজ্যোতি গগৈৰ সঞ্চালনাত অনুষ্ঠিত হয়, য’ত নাহৰকটিয়া, টিংখং,ডিব্রুগড়,গুৱাহাটী, তেজপুৰ আদিৰ লগতে জিলা খনৰ ন-পুৰণি ডেৰকুৰি কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। ইয়াৰ পাছতে জিলা কবি সন্মিলনৰ সভানেত্ৰী সবিতা কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাত বিশিষ্ট কবি ৰুদ্ৰ সিংহ মটকক চম্পাৱতী বৰদলৈ সোঁৱৰণি “কাব্য প্ৰাণ” বঁটা , শুকদেৱ বৰুৱা আৰু শিৱনাথ ভূঞাক যুটীয়া ভাবে নিৰ্মলা কোঁৱৰ সোঁৱৰণি কাব্য বঁটা প্ৰদান কৰা হয় আৰু লগতে জিলা খনৰ কাব্য জগত খনলৈ অনবদ্য অৱদান আগবাঢ়োৰ বাবে বিশিষ্ট কবি নগেন কোঁৱৰ,বংশী বৰা, লোকেশ্বৰী সন্ধিকৈ, প্ৰদীপ কুমাৰ শৰ্মা আৰু মফিদা খাটুনক একোখনকৈ গামোচা, চেলেং চাদৰ, স্মাৰক আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

আনহাতে একেখন মঞ্চতে ৯ গৰাকীৰ কবিৰ ৮ খন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়।চিৰ চেনেহি ভাষাৰ জননি কুৰাজ গীতটোৰে সভাখন আৰম্ভ কৰা হয় আৰু ৰাংছালী দ্বীপজ্যোতি বিহুৱা দলে পৰিৱেশন কৰা বিহু নৃত্যৰে আৰম্ভ হোৱা সভাখন উদ্বোধন কৰে বিশিষ্ট কবি, প্ৰবীণ সাংবাদিক নগেন কোঁৱৰে আৰু আদৰণি ভাষণ প্ৰদান কৰে অভ্যথৰ্না সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ৰানা প্ৰসাদ হাজৰিকাই। সভাত বিভিন্ন অঞ্চলৰ পৰা কেবাশতাধিক কবি আৰু স্থানিয় ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

