Breaking

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

0 48

অসম বিধানসভাৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এনে তৎপৰতাৰ অংশৰূপে যোৱানিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত এক গোপন বৈঠক অনুষ্ঠিত হয়৷

এই বৈঠক সন্দর্ভত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিশেষ কোনো তথ্য সদৰী কৰা নাই যদিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই বৈঠক সন্দর্ভত নিজৰ স্থিতি প্রকাশ কৰিছে৷ ভূপেন বৰাই এই বৈঠক পাৰস্পৰিক চিনাকি সূত্রে অখিল গগৈৰ লগত এক নিয়মমাফিক বৈঠক বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক ইছ্যু সন্দর্ভত কেতবোৰ সহমতসম্পন্ন বিষয় আলোচনা হয় বুলি উল্লেখ কৰে৷

আনহাতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি কংগ্রেছ দল আৰু ৰাইজৰ দলৰ মাজত মিত্রতা সন্দর্ভত আলোচনা হোৱা বুলি স্পষ্ট কৰে৷

বিধায়কগৰাকীয়ে কয় যে অসম বিধানসভাৰ পাঁচ সমষ্টি ক্রমে তামুলপুৰ, গোসাঁইগাঁও, মাজুলী, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি শাসনাধিষ্ঠিত বিজেপিক প্রতিৰোধ কৰিবৰ বাবে কংগ্রেছ দলৰ সৈতে আন আন আঞ্চলিক শক্তিৰ বুজাবুজি অত্যন্ত জৰুৰী৷ সেই সূত্রে কংগ্রেছ দলৰ সভাপতিগৰাকীৰ সৈতে আসন বুজাবুজিৰ বাবে কালি শিৱসাগৰত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয়৷ অৱশ্যে উক্ত আসন বুজাবুজিৰ সন্দর্ভত কালিৰ আলোচনাত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই যদিও পাঁচ সমষ্টিৰ ভিতৰত এটা সমষ্টি ৰাইজৰ দলে বিচাৰিছে৷ যিহেতু মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ ভিত্তি আছে আৰু নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে, তেনেস্থলত ৰাইজৰ দলে কংগ্রেছ দলৰ সৈতে এটা সমষ্টি বিচাৰি আগন্তুক উপ–নির্বাচনত বুজাবুজিৰে অৱতীর্ণ হ’ব বিচাৰিছে৷

Leave A Reply