কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩ আৰম্ভ হৈছে। বহু ভাৰতীয় সুন্দৰীয়ে ৰেড কাৰ্পেটত খোজ দিছে ! ইছা গুপ্তা আৰু চাৰা আলী খানৰ লগতে মডেল-অভিনেত্ৰী উৰ্বশী ৰাউটেলাইও এই মেগা ইভেণ্টত অংশগ্ৰহণ কৰিছে। কিন্তু উৰ্বশী সাজ-পোছাকক বহুত ট্ৰ’ল কৰিছে অনুৰাগীয়ে! বলীউডৰ অভিনেত্ৰী তথা সৌন্দৰ্য্য ৰাণী উৰ্বশী ৰাউটেলাও এই বছৰ কান চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত অন্যতম। যোৱা বছৰো কানৰ ৰেড কাৰ্পেটত খোজ দিছিল উৰ্বশীয়ে। কানত উৰ্বশী ৰাউটেলাৰ লুকটোৰ বাবে অভিনেত্ৰীগৰাকীক ট্ৰ’ল কৰিছে একাংশই। আচলতে উৰ্বশীৰ এই লুকটো দেখি মানুহে দীপিকা পাডুকনৰ কান লুক এটা মনত পেলাইছে। চাওঁ আহক উৰ্বশী ৰাউটেলাই কি পিন্ধিছে এনেদৰে যে দীপিকাৰ লুক কপি কৰিলে বুলি কোৱা হৈছে…


ৰাউটেলাই তেওঁৰ কান লুক মুকলি কৰাৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত উৰ্বশীয়ে বহু স্তৰৰ গোলাপী ৰঙৰ টুল গাউন পিন্ধিছে ।
অনুৰাগীসকলে এই লুকটোৰ বাবে উৰ্বশীক প্ৰশংসা কৰি ভাগৰি পৰা নাই যদিও ছ’চিয়েল মিডিয়াত বহু লোকে এই লুকটোৰ বাবে তেওঁক ট্ৰ’ল কৰিছে; উৰ্বশী ৰাউটেলাৰ এই লুকটো দীপিকা পাডুকনৰ কান ২০১৯ লুকৰ সৈতে বহুত মিল আছে। আচলতে দীপিকাইও সেই বছৰ টুল গাউন পিন্ধিছিল, মাথোঁ ইয়াৰ ৰং গোলাপী নহয় সেউজীয়া আছিল। দুয়োটা গাউন দেখাত একেবাৰে মিল আছে আৰু সেয়েহে অভিনেত্ৰীগৰাকীক দীপিকাৰ লুক কপি কৰিছে বুলি কোৱা হৈছে।
এই লুকৰ লগতে উৰ্বশী ৰাউটেলাই ইনষ্টাগ্ৰামত তেওঁৰ আন এটা লুক শ্বেয়াৰ কৰিছে য’ত তেওঁ পিন্ধিছে চুটি চামৰাৰ ড্ৰেছ আৰু কঁকালত বান্ধি থোৱা চেকাৰ চাৰ্ট। এইটো উৰ্বশীৰ ৰেড কাৰ্পেট লুক নহয় , এয়া কানলৈ যোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ এয়াৰপৰ্ট লুক।

